টাইটানিক জাহাজৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিবলৈ গৈ আটলাণ্টিক মহাসাগৰত (Atlantic Ocean) হেৰাই যায় পৰ্যটকৰ ছাবমেৰিন ‘টাইটান’ (Titanic Tourist Submarine)। তাত পাঁচজন ব্যক্তি আছিল। ছাবমেৰিনখনৰ পাইলটৰ ওপৰি চাৰিজন পৰ্যটকৰ সৈতে ‘টাইটান’ টাইটানিকলৈ যায়। কিন্তু ২৪ ঘণ্টাৰো অধিক সময় ধৰি ছাবমেৰিনখনৰ কোনো সন্ধান পোৱা নাই। যাৰ বাবে আটলাণ্টিকত ক্ষীপ্ৰতাৰে অনুসন্ধান চলি আছে।
[caption id="attachment_103242" align="alignnone" width="900"] Missing Titanic Tourist Submarine:[/caption]
নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ছাবমেৰিন ‘টাইটান’। ছাবমেৰিনখনত জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৯৬ ঘণ্টাৰ অক্সিজেন সংৰক্ষিত আছিল। বিশেষজ্ঞসকলে অনুমান কৰিছে যে ইতিমধ্যে যথেষ্ট পৰিমাণৰ অক্সিজেন শেষ হৈ গৈছে। ছাবমেৰিনখনত প্ৰায় ৭০ ঘণ্টা অক্সিজেন ৰৈ যোৱা বুলি ধাৰণা কৰা হৈছে।

ছাবমেৰিনখনত আছে ব্ৰিটিছ কোটিপতি ব্যৱসায়ী হামিছ হাৰ্ডিং । ৫৯ বছৰীয়া এই দুঃসাহসিক প্ৰবীণগৰাকীয়ে অজ্ঞাত ঠাইলৈ গৈ নতুন আৱিষ্কাৰ আৰু অভিজ্ঞতা সংগ্ৰহ কৰি ভালপায়। যোৱা দেওবাৰে তেওঁ ছচিয়েল মিডিয়াত ঘোষণা কৰিছিল যে তেওঁ টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ ওলাইছে।

ছাবমেৰিনখনৰ সন্ধানত পৰ্যটন সংস্থা ‘ৱানগেট’ৰ অভিযান চলিছে। তেওঁলোকেই ছাবমেৰিনত টাইটানিক দৰ্শনৰ আয়োজন কৰিছিল। সংগঠনটোৰ উপৰি আমেৰিকাৰ কোষ্ট গাৰ্ড আৰু কানাডাৰ সেনায়ো এই অনুসন্ধানত যোগদান কৰিছে। ইয়াৰ সমান্তৰালকৈ বায়ুসেনাই আকাশী অনুসন্ধানতো সহায় কৰি আছে। কৰ্তৃপক্ষই আশ্বাস দিছে যে ছাবমেৰিনখন বিচাৰি উলিয়াই ইয়াৰ পৰ্যটকক ক্ষীপ্ৰতাৰে উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। কিন্তু সাগৰত এই ছাবমেৰিনখন চিনাক্ত কৰিব পৰা হোৱা নাই।

এনে পৰিস্থিতিত অনুসন্ধানৰ বাবে আৰু জাহাজ নামিব বুলি খবৰ ওলাইছে।আনহাতে, যʼত ছাবমেৰিনখন সন্ধানহীন হৈ আছে তাত সাগৰত তিনিৰ পৰা ছয় ফুট ওখ ঢৌ আছে। বতৰৰ পৰিস্থিতি স্বাভাৱিক। কিন্তু ঘন কুঁৱলীৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰীসকল।