অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আজি পুৱা ডিফু (Diphu)লৈ আহি পোনে পোনে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰংমিলিৰ হাঁহিৰ দৰে কালজয়ী উপন্যাসৰ স্ৰষ্টা ৰংবং তেৰাঙৰ গৃহত (Rangbong Terang’s house) উপস্থিত হয়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদে নিৰ্মাণ কৰি দিয়া সাহিত্যিকগৰাকীৰ পুঁথি ভৰালটোৰ কিতাপসমূহ অতি আগ্ৰহেৰে নিৰীক্ষণ কৰে ৷
তাৰ পিছতে ৰংবং তেৰাঙৰ লগত প্ৰায় আধা ঘন্টা মুখ্যমন্ত্ৰীয়ে সৃষ্টিশীল কৰ্মৰ বিষয়ে আলোচনা কৰে৷ মুখ্যমন্ত্ৰীয়ে তেখেতৰ সুধে খুড়া ৰংমিলি হাঁহিত বৰ্ণনা কৰা গাওঁখন ডিফুৰে নে ? বৰেণ্য সাহিত্যিকগৰাকীয়ে বৈঠালাংচ’ৰ গাওঁখনৰ কথা কয় মুখ্যমন্ত্ৰীক৷ শেহতীয়া সৃষ্টি কি সুধাত মুখ্যমন্ত্ৰীক ৰূপতালীন নামৰ নাটকখনৰ ছপা গ্ৰন্থখন তেখেতে মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়ে৷ পদ্মশ্ৰী সন্মান লাভ কৰোতে দিয়া পত্ৰখন চুই চাই মুখ্যমন্ত্ৰীয়ে তেতিয়া এই বঁটা লওঁতে এদিন আগতেই ৰিহাচেল কৰাইনে জানিব বিছাৰে৷ এইদৰে প্ৰায় আধা ঘন্টা মুখ্যমন্ত্ৰী আৰু সাহিত্যিক ৰংবং তেৰাঙৰ মাজত কেৱল সৃষ্টিশীল কৰ্মৰ বিষয়ে আলোচনা হয়৷
মুখ্যমন্ত্ৰী আহি উপস্থিত হওঁতেই সাহিত্যিক তেৰাঙে কয় মই বৰ সুখী ৷ কিন্তু মোৰ দৰে সৰু মানুহৰ ঘৰলৈ আপুনি আহিব বুলি জানি মই ভয়েই খাইছিলো৷ মুখ্যমন্ত্ৰীৰ উত্তৰ খুড়া ডিফুলৈ আহিয়ে থাকো কিন্তু আপোনাৰ ঘৰলৈ অহা হোৱা নাই ৷ কেইবাবাৰো আহিম বুলি মিলা নাই৷ সেয়ে আজি পোনে পোনে আপোনাৰ তালৈ আহিছোঁ ৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় মই ৰংবং তেৰাং দেৱৰ আৰ্শীবাদ বিছাৰি আহিছিলো। আনহাতে মানুহৰ ঘৰলৈ আহি তেখেতে মোৰ সৃষ্টিৰাজীৰ খবৰ ল’লে৷ আজি মুখ্যমন্ত্ৰী আৰু বৰেণ্য সাহিত্যিকগৰাকীৰ এই অন্তৰংগ আলাপত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু লেখক, সাংবাদিক পবিত্ৰ বৰাও উপস্থিত থাকে৷