ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Dr. Himanta Biswa Sarma I বিজেপিৰ শাসনত উত্তৰ-পূবত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে : মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
June 16, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST
সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য কৰি শাসকীয় বিজেপি দলে ব্যাপক সাংগঠনিক তৎপৰতা (BJP’s organisational agility) অব্যাহত ৰখাৰ সময়তে আজি কাৰ্বি আংলং  জিলাৰ এক ৰাজহুৱা সভাত উপস্থিত থাকি দলীয় কৰ্মীসকলৰে মত-বিনিময় কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Dr. Himanta Biswa Sarma)।

আজি ডিফুৰ সমীপৰ চুতীয়ানলাত থকা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ খেলপথাৰত অনুষ্ঠিত হোৱা সভাখনত প্ৰায় কুৰি মিনিট সময় ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে  মূলতঃ কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ শাসনত হোৱা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। বিশেষকৈ বিজেপিৰ ৯ বছৰীয়া শাসনত সমগ্ৰ উত্তৰ-পূব ভাৰততে উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হোৱা বুলি মন্তব্য কৰি বিজেপিৰ আমোলত আকাশী ভ্ৰমণৰ সুবিধাৰ বাবে উত্তৰ-পূৱত কেইবাটাও বিমানবন্দৰ নিৰ্মাণৰ উদ্যোগ লোৱা বুলি কয়।

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

বিজেপি
বিজেপিৰ শাসনত উত্তৰ-পূবত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে : মুখ্যমন্ত্ৰী

অসমৰ বাট-পথৰ প্ৰভূত উন্নয়ন হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা অনুসৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া চলি থকা বুলি সভাত অৱগত কৰে। অসমত সম্প্ৰতি ১২ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে আন ১২ খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা লোৱা বুলি উল্লেখ কৰে।

ইয়াৰ উপৰিও অসমৰ বিভিন্ন আত্ম সহায়ক গোটত জড়িত হৈ থকা ৪০ লাখ মহিলাৰ প্ৰতিগৰাকীকে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে দহ হজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰে। লগতে, এই প্ৰচেষ্টাৰে সফলতা লাভ‌ কৰিলে পৰৱৰ্তী সময়ত বেংকসমূহে এইসকল মহিলাৰ ব্যৱসায় বৃদ্ধিৰ বাবে ঋণ প্ৰদান কৰাৰ লগতে উক্ত ঋণসমূহৰ সমুদায় সুত ৰাজ্য চৰকাৰে আদায় দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

bjp2 1 | ASSAM TIMES POST

আনহাতে, অসমৰ এক লাখ নিবনুৱা যুৱকক দুই লাখ টকাকৈ ঋণ প্ৰদান কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সকলো আঁচনি ৰূপায়ণৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাৰ অৰ্থনৈতিক বৰঙণি আগবঢ়োৱা বুলি মুখ্যমন্ত্ৰীয়ে কয়। সূৰ্যৰ অবিহনে চন্দ্ৰই পোহৰ বিলাব নোৱাৰে বুলি মন্তব্য কৰি সেইদৰে প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ অবিহনে অসমৰ উন্নয়ন সম্ভৱপৰ নহয় বুলি মত প্ৰকাশ কৰি পৰৱৰ্তী কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়।

সভাত উপস্থিত থাকি প্ৰদান কৰা ভাষণত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপি চৰকাৰৰ তৎপৰতাৰ বাবে পাহাৰীয়া এলেকাটোৰ ছয়টাকৈ বিদ্ৰোহী সংগঠনে অস্ত্ৰ ত্যাগ কৰি শান্তিৰ পথ লোৱাৰ ফলত এলেকাটোত স্থায়ী শান্তিৰ বাতাবৰণ সৃষ্টি হোৱা বুলি উল্লেখ কৰে।

bjpp1 1 | ASSAM TIMES POST

আজিৰ সভাত অন্য দলৰ পৰা আহি বিজেপি দলত যোগদান কৰা ভালেসংখ্যক লোকক মুখ্যমন্ত্ৰীয়ে দলৰ মজিয়ালৈ আদৰণি জনায়। সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এছ আই ইউ নথকাৰ বাবে কাৰ্বি আংলঙৰ টেট শিক্ষকে ন মাহে দৰমহাৰ পৰা বঞ্চিত হৈ থকাৰ বিষয়ে আজিহে অৱগত হোৱা বুলি মত প্ৰকাশ কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে দলৰ জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙৰ বাসগৃহত উপস্থিত হৈ সাহিত্যিকগৰাকীৰ কুশল বাৰ্তা লোৱাৰ লগতে বাৰ্তালাপত মিলিত হয়। আজিৰ সভাত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডা, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা, মন্ত্ৰী নন্দিতা গাৰ্লোছা, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Tags: CMDiphuHimanta Biswa Sarmaডিফুমুখ্যমন্ত্ৰীহিমন্ত বিশ্ব শৰ্মা
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx