![]()
বিশ্ব ৰেকর্ড সৃষ্টি (Create World Record) ভাৰত কন্যা ১৬ বছৰীয়া ধনুৰ্বিদ অদিতি গোপীচন্দ (Archer Aditi Gopichand)ৰ। অনূর্ধ্ব-১৮ শাখাৰ ধনুৰ্বিদ্যাত ৰেকর্ড গঢ়ে তেওঁ। কলোম্বিয়াত (in Colombia) অনুষ্ঠিত ধনুৰ্বিদ্যাৰ বিশ্বকাপৰ যোগ্যতা অর্জন পৰ্যায়ত ৭২০-ৰ ভিতৰত ৭১১ পইণ্ট লাভ (711 points gain) কৰে অদিতিয়ে। ইয়াৰ পূৰ্বে ৭০৫ পইণ্টৰ ৰেকর্ড আছিল।
বিশ্ব ৰেকর্ড গঢ়ি অদিতিয়ে কয়, “অসম্ভব ভাল লাগিছে। অতি আনন্দিত মই। ভাবিব পৰা নাই এনেদৰে যে লক্ষ্যভেদ কৰিব পাৰিলোঁ। কিন্তু এই পইণ্ট লাভ কৰি মই অত্যন্ত আনন্দিত। তাকো সেয়া মাত্র ১৬ বছৰ বয়সত।”

আন এগৰাকী ভাৰতীয় ধনুৰ্বিদ জ্যোতি সুৰেখা ভেন্নমে এই প্রতিযোগিতাত দ্বিতীয় হৈছেছে। তেওঁ ৭০৮ পইণ্টত শেষ কৰে। ষষ্ঠ স্থানতো আছে আৰু এগৰাকী ভাৰতীয়। প্রণীত কৌৰে ৭০০ পইণ্ট লাভ কৰিছে। আনহাতে, ২৮ নম্বৰ স্থানত থকা অৱনীত কৌৰে লাভ কৰিছে ৬৮৪ পইণ্ট।













