![]()
মাতৃৰ লগত অহৰহ কাজিয়া চলি আছিল। খঙত মাতৃক হত্যা কৰাৰ অভিযোগ কন্যাৰ বিৰুদ্ধে (Woman kills mother in Bengaluru)। কিন্তু কাহিনী তাতেই শেষ নহʼল। মাতৃৰ মৃতদেহ ছুটকেছত ভৰাই থানা পালেগৈ। এই ঘটনাত স্তম্ভিত হৈ পৰিছে বেংগালুৰু আৰক্ষী (Bengaluru Police)। জানিব পৰা মতে, অভিযুক্ত মহিলাগৰাকীৰ মূল ঘৰ পশ্চিমবংগত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৩৯ বছৰীয়া মহিলাগৰাকীয়ে পৰিয়ালৰ সৈতে বেংগালুৰুৰ এটা ফ্লেটত থাকে। পেছাত তেওঁ এগৰাকী ফিজিঅʼথেৰাপিষ্ট। মহিলাগৰাকীৰ লগত মাতৃৰ দৈনিক কাজিয়া আৰু অশান্তিৰ সৃষ্টি হৈছিল। সোমবাৰে খঙতে মাতৃক হত্যা কৰে। ইয়াৰ পিছতে মাতৃৰ মৃতদেহটো এটা ছুটকেছত ভৰাই পোনে পোনে বেংগালুৰুৰ এখন থানালৈ যায়। তেওঁ মাতৃক হত্যা কৰা বুলি আৰক্ষীক জনায়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক।
মহিলাগৰাকীৰ স্বামী উপস্থিত নাছিল ফ্লেটটোত। মহিলাগৰাকীৰ শাহুৱেক আছিল। কিন্তু হত্যাকাণ্ডৰ কথা তেওঁ গম পোৱা নাছিল। এই ঘটনাৰ কথা তেওঁক প্ৰথমে আৰক্ষীয়ে অৱগত কৰে।











