![]()
২০১২ চনত নিউজিলেণ্ডৰ হাতত আৰু এইবাৰ অষ্ট্ৰেলিয়াৰ হাতত। দ্বিতীয়বাৰো বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (World Test Championship) ফাইনেলত পৰাস্ত হ’ল ভাৰত (India lose in final)। প্রথম ইনিংছত ষ্টিভভ স্মিথ আৰু ট্রাভিছ হেডৰ শতকৰ ওপৰত নিৰ্ভৰ কৰি ৪৬৯ ৰান সংগ্ৰহ কৰিছিল অষ্ট্ৰেলিয়াই। ভাৰতে প্রথম ইনিংছত ২৯৬ ৰানত অলআউট হয়। দ্বিতীয় ইনিংছত ৮ উইকেটত ২৭০ ৰানত ইনিংছ ঘোষণা কৰে অষ্ট্ৰেলিয়াই। ভাৰতৰ দ্বিতীয় ইনিংছ শেষ হয় মাত্ৰ ২৩৪ ৰানত। ফলত ২০৯ ৰানত জয়ী হৈ বিশ্ব টেষ্ট চেম্পিয়ন হয় অষ্ট্ৰেলিয়া (Australia become world Test champions)।

২০১৩ চনত অন্তিমবাৰ আইচিচি প্রতিযোগিতা জয় কৰিছিল ভাৰতে। ইংলেণ্ডৰ মাটিত ইংলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্রফি জয় কৰিছিল মহেন্দ্র সিং ধোনি বাহিনীয়ৰ। তাৰ পিছৰ পৰা বিগত ১০ বছৰত বাৰম্বাৰ বৃহৎ প্রতিযোগিতাত ব্যর্থ হৈছে ভাৰত। নেতৃত্বৰ দায়িত্ব ধোনিৰ হাতৰ পৰা বিৰাট কোহলি হৈ ৰোহিত শর্মাৰ হাতলৈ গৈছে। কিন্তু ফলাফল সলনি হোৱা নাই। বাৰম্বাৰ আইচিচি প্রতিযোগিতাৰ ছেমিফাইনেল বা ফাইনেলত গৈ পৰাস্ত হৈছে ভাৰত। বিগত ১০ বছৰত ৮ বাৰ কোনো আইচিচি প্রতিযোগিতাৰ ছেমিফাইনেল বা ফাইনেলত উঠিছে ভাৰত। কিন্তু ৮ বাৰেই পৰাস্ত হৈছে।












