২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল ৰাজ্য কপোৱা অভি-নীল হত্যাকাণ্ড (Abhi-Neel murder)। সেইদিনা কাৰ্বি আংলং জিলাৰ ডকমকালৈ (Dokmaka in Karbi Anglong district) প্ৰকৃতিৰ নৈ-সৰ্গিক পৰিবেশ উপভোগ কৰিবলৈ গৈছিল গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাস। আনহাতে প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ কৰি উভতি অহাৰ পথত পানীজুৰি গাঁৱৰ একাংশ লোকে সোপাধৰাৰ সন্দেহত অভি-নীলৰ বাহনখন আগচি ধৰে।
গড়ীৰ ভিতৰৰ পৰা অভি-নীলক উলিয়াই আনি মানুহৰূপী দানৱৰ দলটোৱে দুই নিৰীহ যুৱকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলায়। প্ৰাণৰ মমতাত চিঞৰি চিঞৰি নীলোৎপল আৰু অভিজিতে নিজৰ পৰিচয় দিয়াৰ পাচতো ক্ষান্ত হোৱা নাছিল দানৱৰ দলটো। দুই অসহায় যুৱকৰ ওপৰত চলাই গৈছিল আসুৰিক অত্যাচাৰ। অন্ধবিশ্বাসী দানৱৰ প্ৰহাৰত অভি-নীলে চিৰদিনৰ বাবে চকু মুদিলে।
এই ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। অভি-নীলৰ হত্যাৰ লগত জড়িত অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিলে বিভিন্ন দল সংগঠনে। কিন্ত্ত এই অভি-নীল হত্যাকাণ্ডই আজি পাঁচ বছৰত ভৰি দিলে যদিও দুৰ্ভগীয়া পৰিয়াল দুটাই এই পৰ্য্যন্ত ন্যায় লাভ কৰা নাই। ঘটনাত জড়িত ৪৭ জনকৈ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ। বৰ্তমানো কাৰাবন্দী আটাইকেইজন অভিযুক্ত। নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ আদালতত (Nagaon District and Sessions Judge’s Court) চলি আছে বিচাৰ (trial is on) প্ৰক্ৰিয়া। গোচৰটোৰ ৭১ জনকৈ সাক্ষীৰ ৭০ জনৰ স্বাক্ষৰ গ্ৰহণ ইতিমধ্যেই সম্পূৰ্ণ হৈছে। শেষৰ গৰাকী সাক্ষীৰ স্বাক্ষৰ গ্ৰহণ নগাঁও আদালতত চলি আছে। ৭১ গৰাকী সাক্ষীৰ স্বাক্ষৰ গ্ৰহণৰ পিছত অভিযুক্তৰ ভাষ্য গ্ৰহণ কৰিব আদালতে। ৰাজ্য কপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কেতিয়া সম্পন্ন হ’ব তাৰ কোনো নিশ্চিয়তা নাই। আদালতৰ ৰায়দানলৈ এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে বাট চাই আছে।