চলিত সপ্তাহত এজন আবেদনকাৰীয়ে গোচৰটোৰ পৰা নাম প্ৰত্যাহাৰ কৰে। ৰাখী সিং (Rakhi Singh) বাৰাণসীৰ জ্ঞানবাপী মছজিদত (Varanasi’s Gyanbapi Mosque) প্ৰাৰ্থনাৰ দাবীত আদালতৰ কাষ চপা পাঁচগৰাকী মহিলাৰ ভিতৰত অন্যতম। ৰাখী সিঙে এইবাৰ সহ-আবেদনকাৰীৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ লিখা এখন পত্ৰত ৰাখীয়ে লিখিছে, “৯ জুনলৈকে আপোনালোকৰ সঁহাৰিৰ বাবে অপেক্ষা কৰিম। ইয়াৰ পিছত মই সিদ্ধান্ত ল’ম।” তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰত স্বেচ্ছামূলক মৃত্যুৰ বাবেও আবেদন (Voluntary death application) জনায়!
জ্ঞানবাপী গোচৰত হিন্দু পক্ষৰ হৈ মূল আবেদনকাৰী ৰাখীৰ খুড়াক জিতেন্দ্ৰ সিং ভিচেনে শেহতীয়াকৈ কৈছিল যে তেওঁৰ পত্নী আৰু ভতিজীক কেইবাবাৰো হাৰাশাস্তি কৰা হৈছে। গতিকে তেওঁলোকে সকলো গোচৰ প্ৰত্যাহাৰ কৰিছে। অৱশ্যে শেহতীয়াকৈ জিতেন্দ্ৰ আৰু ৰাখীৰ অধিবক্তা শিৱম গৌৰে কয় যে বিগত এবছৰ ধৰি কোনো ধৰণৰ পাৰিশ্ৰমিক নোপোৱাৰ বাবে তেওঁ গোচৰৰ পৰা আঁতৰি আহিছে।
উল্লেখযোগ্য যে ২০২১ চনৰ আগষ্ট মাহত জ্ঞানবাপীত ‘মা শৃংগাৰ গৌৰী’ (অজুখানা আৰু তহখানা নামেৰে পৰিচিত) আৰু দেৱতাৰ মূৰ্তি পূজাৰ অনুমতি বিচাৰি পাঁচগৰাকী হিন্দু মহিলাই দাখিল কৰা গোচৰৰ পিছত বাৰাণসীৰ এজন দণ্ডাধীশে মছজিদৰ ভিতৰৰ অংশ ভিডিঅ’ পৰিদৰ্শনৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছত যোৱা বছৰৰ ২০ মেʼত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গোচৰটো বাৰাণসী সত্ৰ আদালতলৈ হস্তান্তৰ কৰা হয়।
এনে পৰিস্থিতিত ৰাখীৰ গোচৰৰ পৰা আঁতৰি অহাটোক ৰাজনৈতিক পৰ্যবেক্ষকৰ এটা অংশই ‘তাৎপৰ্যপূৰ্ণ’ বুলি গণ্য কৰে। উল্লেখ্য, কিছু মাহ পূৰ্বে জ্ঞানবাপি গোচৰৰ ৫ গৰাকী মহিলা আবেদনকাৰীৰ ভিতৰত অন্যতম লক্ষ্মী দেৱী আৰু তেওঁৰ স্বামী চোহনলাল আৰিয়াই পাকিস্তানৰ পৰা মৃত্যুৰ ভাবুকি পোৱা বুলি অভিযোগ কৰিছিল।