মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে লাভ কৰিছে আন এক বৃহৎ সফলতা৷ ড্ৰাগছ সৰবৰাহকাৰীসকলে নিজৰ কু-অভিপ্ৰায়েৰে নিতৌ ন ন কৌশল অৱলম্বন কৰিও আৰক্ষীৰ শেন দৃষ্টিৰ পৰা ৰক্ষা পোৱা নাই৷ সৰবৰাহ কৰা সময়ত প্ৰতিবাৰতেই আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰীসকল৷ আজি বিয়লি প্ৰায় ২ মান বজাত এক গোপন খবৰৰ ভিত্তিত কাৰবি আংলঙৰ বৰপথাৰ থানা (Karbi Anglong’s Barpathar) এলেকাৰ ২ নম্বৰ নামবৰ চাগানৰ দলঙৰ কাষত এক বিশেষ নাকা তালাচীত উদ্ধাৰ কৰে এক বুজন পৰিমানৰ ড্ৰাগছ(Drugs Seized) ৷
বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বৰপথাৰ অ’ চি দিপেন বৰুৱা থানা ষ্টাফৰ লগতে চি-20 চিআৰপিএফৰ সহযোগত চলিছিল বিশেষ নাকা তালাচী৷ তালাচী কালত AS-03-T2397 নম্বৰৰ এৰ্টিগা বাহনৰ দৰ্জাৰ পেনেলত কৌশলগতভাবে লুকুৱাই অনা অৱস্থাত ৮৯টা চাবোনৰ বাকচত ১ কেজি ১০৪ গ্ৰাম (104g) সন্দেহযুক্ত হেৰ’ইন জব্দ (Heroin seized) কৰিবলৈ সক্ষম হয় ৷
সন্দেহযুক্ত হেৰইনখিনি সৰবৰাহৰ লগত জড়িত নগাও জিলাৰ কাচালুখুৱাৰ নিৱাসী মনিন্দ্ৰ মল্লিকৰ পুত্ৰ পৰিশ মল্লিক (৪৯)ক আৰক্ষীয়ে আটক (Police arrest Parish Mallik (49)) কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷ জব্দকৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৬ কোটি টকা হব বুলি অনুমান কৰা হৈছে লগতে হেৰইনখিনি ডিমাপুৰৰ পৰা আনি থকা বুলি জানিব পৰা গৈছে ৷