ASSAM TIMES POST
নতুন দিল্লীঃ চত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। জিলাখনত অৱস্থিত ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষী চমুকৈ আইটিবিপিৰ ৪৫ নং বাহিনীৰ কেডেনাৰ কেম্পত এই ঘটনা সংঘটিত হয়। ইয়াতে এজন আইটিবিপি জোৱানে ৫ জন সতীৰ্থক গুলীয়াই হত্যা কৰে। কাজিয়াৰ অচিলাৰে জোৱানজনে কৰা গুলীবৰ্ষণত আন দুজন জোৱানো গুৰুতৰভাৱে আহত হয়। ইয়াৰ পাছতে গুলীবৰ্ষণ কৰা জোৱানজনেও আত্মহত্যা কৰে। আহত জোৱান দুজনক ততালিকে হেলিকপ্টাৰৰ জৰিয়তে ৰায়পুৰলৈ অনা হয়। ঘটনাৰ লগে লগে উক্ত স্থানত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ এটা দল উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ পৰ্ষবেক্ষণ কৰে। ইপিনে চত্তীশগড় চিআৰপিএফৰ মহা পৰিদৰ্শক বাষ্টৰ পি সুন্দৰাজে আন্তঃৰাষ্ট্ৰীয় পৰ্ষায়ৰ সংবাদ সংস্থাক জনোৱা অনুসৰি সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত আছে।











