ASSAM TIMES POST
নতুন দিল্লীঃ সুদীৰ্ঘ ১০৭ দিনীয়া কাৰাবাসৰ অন্তত, মুকলি আকাশৰ তললৈ অহাৰ বাট মুকলি হয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমৰ। আইএনএক্স মিডিয়া কেলেংকাৰিৰ গোচৰত অভিযুক্ত চিদাম্বৰমক সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে জামিন প্ৰদান কৰে। ন্যায়াধীশ আৰ বানুমতী নেতৃত্বাধীন বিচাৰপীঠে এই ৰায় দিয়ে। উল্লেখযোগ্য যে এই গোচৰটো সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীয়ে। ইপিনে, গত ২৮ নৱেম্বৰত এই আবেদনখনৰ শুনানি গ্ৰহণ কৰি ৰায় দান স্থগিত ৰাখে উচ্চতম ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ে গত ১৫ নৱেম্বৰত চিদাম্বৰমৰ জামিন আবেদন নাকচ কৰাতে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। বুধবাৰে উচচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কয় যে এতিয়া তেওঁ দিল্লীৰ তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰপৰা ওলাব পাৰিব। অৱশ্যে, বিচাৰপীঠে ইয়াৰ পূৰ্বে চিদাম্বৰমক ২ লাখ টকাৰ বেইল ব’ণ্ড আৰু সম পৰিমাণৰ ধনৰ ২ প্ৰতিভূ জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰে। উচ্চতম ন্যায়ালয়ৰ বিনা অনুমতিত তেওঁ বিদেশলৈ যাব নোৱাৰিব বুলিও স্পষ্টভাৱে কয়।











