![]()
কৰ্ণাটকৰ নৱনিৰ্বাচিত কংগ্ৰেছ চৰকাৰে বিজেপি চৰকাৰৰ শিক্ষাৰ পাঠ্যক্ৰম সলনি কৰিবলৈ সাজু হৈছে। প্ৰায় ৪০ জন শিক্ষাবিদৰ সৈতে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই (Siddaramaiah government) কয় যে শিক্ষাৰ্থীৰ মন কলুষিত হʼবলৈ দিব নোৱাৰি। নতুন চৰকাৰৰ কাম হʼব ঘৃণাৰ ৰাজনীতি আৰু ভয়ৰ পৰিৱেশ আঁতৰোৱা।

কৰ্ণাটকৰ শিক্ষাবিদৰ এটা দলে বিজেপি শাসনৰ অধীনত পাঠ্যপুথিত সংযোজিত বিতৰ্কিত বিষয়সমূহ বাতিল কৰিবলৈ নতুন চৰকাৰক আহ্বান জনাইছে। এই প্ৰসংগত তেওঁলোকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক কেশৱ বলিৰাম হেজেৱাদৰ বিষয়ে সংযোজিত অধ্যায় আৰু আন কিছুমান প্ৰসংগ উল্লেখ কৰে। পাঠ্যপুথিৰ পৰা কিছুমান সমাজ সংস্কাৰক ব্যক্তিত্ব বাদ পৰাৰ অভিযোগো উত্থাপন হৈছে।
কিন্তু এই মুহূৰ্তত এই সকলোবোৰ বিষয়ত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰৰ সন্মুখত কিছু অসুবিধাৰ সৃষ্টি হৈছে। কাৰণ শিক্ষাবৰ্ষ আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰীক ছপা গ্ৰন্থ বিতৰণ কৰা হৈছে। এনে পৰিস্থিতিত মুখ্যমন্ত্রীয়ে কয়, “শিক্ষাৰ্থীৰ মন কলুষিত হ’বলৈ দিব নোৱাৰি৷ কিন্তু যিহেতু শিক্ষাবৰ্ষ আৰম্ভ হৈছে গতিকে আলোচনাৰ জৰিয়তে আমি পদক্ষেপ লʼব লাগিব। চাব লাগে যে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ যাতে কোনো ক্ষতি নহয়।” শিক্ষাবিদৰ এটা দলে নতুন চৰকাৰক প্ৰস্তাৱ দিছে যে শিক্ষকসকলে বিজেপিৰ যুগত পাঠ্যপুথিত অন্তৰ্ভুক্ত কিছুমান বিতৰ্কিত বিষয় যাতে পঢ়োৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কৰ্ণাটকৰ মন্ত্ৰীসভাত এই বিষয়ে আলোচনা হ’ব।
কৰ্ণাটকৰ বিদ্যালয় শিক্ষা মন্ত্ৰী মধু বাংগাৰপ্পাই (Madhu Bangarappa) ‘ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত’ পাঠ্যপুথি সংশোধনৰ ইংগিত দিছে। তেওঁ কয়, “মই আছিলোঁ কংগ্ৰেছৰ ইস্তাহাৰ সমিতিৰ উপ-সভাপতি। সেই ইস্তাহাৰত আমি স্পষ্টকৈ উল্লেখ কৰিছো যে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা মনত ৰাখি পাঠ্যপুথিসমূহ সংশোধন কৰা হʼব। আমি ছাত্ৰ-ছাত্ৰীৰ মন প্ৰদূষিত কৰিব নিবিচাৰো।”












