ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

M S Dhoni | অৱসৰ ঘোষণাৰ বাবে এয়াই উত্তম মঞ্চ! কিন্তু মন বেয়া কৰিব নালাগে, অহা বছৰো খেলাৰ প্ৰবল ইচ্ছা মাহিৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 30, 2023
Reading Time: 1 min read
A A
0
M S Dhoni | অৱসৰ ঘোষণাৰ বাবে এয়াই উত্তম মঞ্চ! কিন্তু মন বেয়া কৰিব নালাগে, অহা বছৰো খেলাৰ প্ৰবল ইচ্ছা মাহিৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

সকলোৱে ভাবিছিল যে তেওঁ ট্ৰফী হাতত তুলি লৈ অৱসৰৰ কথা ঘোষণা কৰিব। দলটোৰ ক্ৰিকেটাৰসকলে সেই মঞ্চও সাজু কৰি দিছিল। কিন্তু মহেন্দ্ৰ সিং ধোনী (M S Dhoni) সদায় বাকীসকলৰ পৰা অলপ পৃথক। সতীৰ্থসকলৰ কান্ধত ধৰি খেলপথাৰত ঘূৰি ফুৰি আৱেগিক হৈ গুচি যোৱা মানুহ নহয়। গতিকে আইপিএলৰ (IPL) পঞ্চম ট্ৰফী জয় কৰাৰ পিছতো তেওঁ অৱসৰৰ কথা ঘোষণা কৰা নাছিল। তেওঁ কʼলে, সম্ভৱ হʼলে আৰু এবছৰৰ পাছত ঘূৰি আহিব বিচাৰে।

ট্ৰফী হাতত তুলি লোৱাৰ পূৰ্বে অনুষ্ঠান পৰিচালক হৰ্ষ ভোগলেৰ (Harsha Bhogle) প্ৰশ্নৰ সন্মুখীন হʼবলগীয়া হয় ধোনীয়ে। অৱসৰৰ কথা পোনপটীয়াকৈ নুসুধিলেও হৰ্ষই ইংগিত দিলে। ধোনিয়ে হাঁহি এটা মাৰি উত্তৰ দিলে, “তেন্তে উত্তৰ বিচাৰি আছা নহয়নে? হয়, হয়তো এইটোৱেই অৱসৰ ঘোষণা কৰাৰ বাবে সৰ্বোত্তম সময়। কিন্তু যোৱা কেইমাহমানৰ পৰা সমগ্ৰ দেশতে যি মৰম পাইছো, সেই মৰম কেতিয়াও পাহৰিব নোৱাৰি। ইয়াৰ পৰাই ক্ৰিকেটক বিদায় দিব পাৰিম। কিন্তু মোৰ বাবে কঠিন প্ৰত্যাহ্বানটো হʼল অহা ৯ মাহত কঠোৰ পৰিশ্ৰম কৰি আৰু এটা আইপিএল খেলাৰ চেষ্টা কৰা। মোৰ এতিয়াও ৬-৭ মাহ সময় আছে চিন্তা কৰিবলৈ। এয়া মোৰ ফালৰ পৰা অনুৰাগীলৈ উপহাৰ। মই জানো কামটো শৰীৰৰ বাবে সহজ নহʼব। তথাপি…”

M S Dhoni
M S Dhoni Commented on his Retirement

ধোনীয়ে স্বীকাৰ কৰে যে তেওঁ লাভ কৰা মৰম কেতিয়াও পাহৰিব নোৱাৰে। মগজু ঠাণ্ডা কৰি ৰাখিলেও তেওঁ তেজ-মঙহৰ মানুহ। তেওঁৰো চকুলো ওলাই আহে। ধোনীয়ে কয়, “এই প্ৰেমে আপোনাক আৱেগিক কৰি তুলিব। চেন্নাইৰ হৈ প্ৰথমখন মেচ খেলিবলৈ ওলাই আহোঁতে গোটেই ষ্টেডিয়ামখনে মোৰ নাম চিঞৰি আছিল। মোৰ দুচকু চকুলোৰে ভৰি পৰিল। মই অলপ সময় মনে মনে বহিলোঁ। উপলব্ধি কৰিলোঁ যে মই উপভোগ কৰিব লাগিব। আচলতে তেওঁলোকে মোক মোৰ দৰেই ভালপায়। মই যিটো নহয়, সেইটো কেতিয়াও হোৱাৰ অভিনয় নকৰো। সকলো সহজ কৰি ৰাখিবলৈ চেষ্টা কৰো।”

ইয়াৰ পূৰ্বেও ধোনীয়ে চাৰিবাৰ আইপিএল ট্ৰফী দখল কৰিছিল যদিও পঞ্চম ট্ৰফীৰ প্ৰতি তেওঁৰ বিশেষ প্ৰেম। সেই প্ৰসংগত তেওঁ কয়, “মোৰ বাবে সকলো ট্ৰফীৰ এক বিশেষ অনুভৱ থাকে। কিন্তু আইপিএলৰ বিশেষত্ব হʼল প্ৰতিখন মেচত উত্তেজনাৰে ভৰি থাকে। আপুনি সদায় সাজু থাকিব লাগিব। আজি আমাৰ খেলত বহুত ভুল হৈছে। বলিং বিভাগে ভাল প্ৰদৰ্শন নকৰিলে। কিন্তু বেটিং বিভাগে সকলো চাপ অতিক্ৰম কৰি আমাক জয় আনি দিলে।”

IMG 20230530 WA0011 | ASSAM TIMES POST

দলৰ ক্ৰিকেটাৰসকলৰ ওপৰতো ধোনিৰ অপৰিসীম আস্থা। ক’লে, “মই নিজেও হতাশ হৈছো। মই এজন মানুহ। কিন্তু মানসিক চাপৰ সৈতে মোকাবিলা কৰাৰ ধৰণ সকলোৰে বেলেগ বেলেগ। মোৰ দলত আজিংক্যৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ আছে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। মোৰ দলৰ কোনোবাই যদি কিবা এটা কথাত দ্বিধা থাকে তেন্তে তেওঁলোকে অনায়াসে প্ৰশ্ন কৰিব পাৰে। সেই দুৱাৰ সকলো সময়তে খোলা থাকে।”

সোমবাৰে শেষৰখন খেল খেলিছিল ৰায়ডুৱে। সতীৰ্থগৰাকীৰ সন্দৰ্ভত ধোনীয়ে কয়, “ৰায়ডুৰ এটা বৈশিষ্ট্য হʼল খেলপথাৰত থাকিলে সদায় ১০০ শতাংশ দিয়ে। কিন্তু যদি তেওঁ দলত থাকে তেন্তে আমি কেতিয়াও ফেয়াৰ প্লেৰ বঁটা লাভ নকৰো। বহুদিন ধৰি ৰায়ডুৰ লগত খেলি আছো। সেই ভাৰতীয় দলত খেলাৰ সময়ৰ পৰা।

তেওঁ এনে এজন ক্ৰিকেটাৰ, যিয়ে পেচ খেলিব পাৰে আৰু সমানে স্পিন কৰিব পাৰে। সঁচাকৈয়ে ই এক বিশেষ গুণ। মই ইতিমধ্যে ভাবিছিলো আজিৰ মেচখনত তেওঁ কিবা এটা কৰিব। আচলতে তেওঁ মোৰ দৰেই। ফোন বেছি ব্যৱহাৰ নকৰে। আশাকৰোঁ জীৱনৰ পৰৱৰ্তী পৰ্যায়টোও ভালদৰে উপভোগ কৰিব।”

Tags: M S Dhoni
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx