সকলোৱে ভাবিছিল যে তেওঁ ট্ৰফী হাতত তুলি লৈ অৱসৰৰ কথা ঘোষণা কৰিব। দলটোৰ ক্ৰিকেটাৰসকলে সেই মঞ্চও সাজু কৰি দিছিল। কিন্তু মহেন্দ্ৰ সিং ধোনী (M S Dhoni) সদায় বাকীসকলৰ পৰা অলপ পৃথক। সতীৰ্থসকলৰ কান্ধত ধৰি খেলপথাৰত ঘূৰি ফুৰি আৱেগিক হৈ গুচি যোৱা মানুহ নহয়। গতিকে আইপিএলৰ (IPL) পঞ্চম ট্ৰফী জয় কৰাৰ পিছতো তেওঁ অৱসৰৰ কথা ঘোষণা কৰা নাছিল। তেওঁ কʼলে, সম্ভৱ হʼলে আৰু এবছৰৰ পাছত ঘূৰি আহিব বিচাৰে।
ট্ৰফী হাতত তুলি লোৱাৰ পূৰ্বে অনুষ্ঠান পৰিচালক হৰ্ষ ভোগলেৰ (Harsha Bhogle) প্ৰশ্নৰ সন্মুখীন হʼবলগীয়া হয় ধোনীয়ে। অৱসৰৰ কথা পোনপটীয়াকৈ নুসুধিলেও হৰ্ষই ইংগিত দিলে। ধোনিয়ে হাঁহি এটা মাৰি উত্তৰ দিলে, “তেন্তে উত্তৰ বিচাৰি আছা নহয়নে? হয়, হয়তো এইটোৱেই অৱসৰ ঘোষণা কৰাৰ বাবে সৰ্বোত্তম সময়। কিন্তু যোৱা কেইমাহমানৰ পৰা সমগ্ৰ দেশতে যি মৰম পাইছো, সেই মৰম কেতিয়াও পাহৰিব নোৱাৰি। ইয়াৰ পৰাই ক্ৰিকেটক বিদায় দিব পাৰিম। কিন্তু মোৰ বাবে কঠিন প্ৰত্যাহ্বানটো হʼল অহা ৯ মাহত কঠোৰ পৰিশ্ৰম কৰি আৰু এটা আইপিএল খেলাৰ চেষ্টা কৰা। মোৰ এতিয়াও ৬-৭ মাহ সময় আছে চিন্তা কৰিবলৈ। এয়া মোৰ ফালৰ পৰা অনুৰাগীলৈ উপহাৰ। মই জানো কামটো শৰীৰৰ বাবে সহজ নহʼব। তথাপি…”
ধোনীয়ে স্বীকাৰ কৰে যে তেওঁ লাভ কৰা মৰম কেতিয়াও পাহৰিব নোৱাৰে। মগজু ঠাণ্ডা কৰি ৰাখিলেও তেওঁ তেজ-মঙহৰ মানুহ। তেওঁৰো চকুলো ওলাই আহে। ধোনীয়ে কয়, “এই প্ৰেমে আপোনাক আৱেগিক কৰি তুলিব। চেন্নাইৰ হৈ প্ৰথমখন মেচ খেলিবলৈ ওলাই আহোঁতে গোটেই ষ্টেডিয়ামখনে মোৰ নাম চিঞৰি আছিল। মোৰ দুচকু চকুলোৰে ভৰি পৰিল। মই অলপ সময় মনে মনে বহিলোঁ। উপলব্ধি কৰিলোঁ যে মই উপভোগ কৰিব লাগিব। আচলতে তেওঁলোকে মোক মোৰ দৰেই ভালপায়। মই যিটো নহয়, সেইটো কেতিয়াও হোৱাৰ অভিনয় নকৰো। সকলো সহজ কৰি ৰাখিবলৈ চেষ্টা কৰো।”
ইয়াৰ পূৰ্বেও ধোনীয়ে চাৰিবাৰ আইপিএল ট্ৰফী দখল কৰিছিল যদিও পঞ্চম ট্ৰফীৰ প্ৰতি তেওঁৰ বিশেষ প্ৰেম। সেই প্ৰসংগত তেওঁ কয়, “মোৰ বাবে সকলো ট্ৰফীৰ এক বিশেষ অনুভৱ থাকে। কিন্তু আইপিএলৰ বিশেষত্ব হʼল প্ৰতিখন মেচত উত্তেজনাৰে ভৰি থাকে। আপুনি সদায় সাজু থাকিব লাগিব। আজি আমাৰ খেলত বহুত ভুল হৈছে। বলিং বিভাগে ভাল প্ৰদৰ্শন নকৰিলে। কিন্তু বেটিং বিভাগে সকলো চাপ অতিক্ৰম কৰি আমাক জয় আনি দিলে।”
দলৰ ক্ৰিকেটাৰসকলৰ ওপৰতো ধোনিৰ অপৰিসীম আস্থা। ক’লে, “মই নিজেও হতাশ হৈছো। মই এজন মানুহ। কিন্তু মানসিক চাপৰ সৈতে মোকাবিলা কৰাৰ ধৰণ সকলোৰে বেলেগ বেলেগ। মোৰ দলত আজিংক্যৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰ আছে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। মোৰ দলৰ কোনোবাই যদি কিবা এটা কথাত দ্বিধা থাকে তেন্তে তেওঁলোকে অনায়াসে প্ৰশ্ন কৰিব পাৰে। সেই দুৱাৰ সকলো সময়তে খোলা থাকে।”
সোমবাৰে শেষৰখন খেল খেলিছিল ৰায়ডুৱে। সতীৰ্থগৰাকীৰ সন্দৰ্ভত ধোনীয়ে কয়, “ৰায়ডুৰ এটা বৈশিষ্ট্য হʼল খেলপথাৰত থাকিলে সদায় ১০০ শতাংশ দিয়ে। কিন্তু যদি তেওঁ দলত থাকে তেন্তে আমি কেতিয়াও ফেয়াৰ প্লেৰ বঁটা লাভ নকৰো। বহুদিন ধৰি ৰায়ডুৰ লগত খেলি আছো। সেই ভাৰতীয় দলত খেলাৰ সময়ৰ পৰা।
তেওঁ এনে এজন ক্ৰিকেটাৰ, যিয়ে পেচ খেলিব পাৰে আৰু সমানে স্পিন কৰিব পাৰে। সঁচাকৈয়ে ই এক বিশেষ গুণ। মই ইতিমধ্যে ভাবিছিলো আজিৰ মেচখনত তেওঁ কিবা এটা কৰিব। আচলতে তেওঁ মোৰ দৰেই। ফোন বেছি ব্যৱহাৰ নকৰে। আশাকৰোঁ জীৱনৰ পৰৱৰ্তী পৰ্যায়টোও ভালদৰে উপভোগ কৰিব।”