শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে (Reserve Bank) বজাৰৰ পৰা ২০০০ টকীয়া নোট উঠাই দিবলৈ সিদ্ধান্ত লৈছে। ইফালে বৃহস্পতিবাৰে ভাৰতীয় মুদ্ৰা সন্দৰ্ভত চৰকাৰে আন এক ঘোষণা কৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, নতুন সংসদ ভৱন (New Parliament building) উদ্বোধন উপলক্ষে ৭৫ টকীয়া বিশেষ মুদ্ৰা মুকলি কৰা হʼব।
৪৪ মিলিমিটাৰ ব্যাসৰ এই মুদ্ৰাটোৰ এফালে অশোক স্তম্ভৰ চিহ্ন থাকিব। তলত লিখা থাকিব “সত্যমেৱ জয়তে” (Satyameva Jayate) । অশোক স্তম্ভৰ বাওঁফালে দেৱনাগৰী লিপিৰে ‘ভাৰত’ আৰু সোঁফালে ইংৰাজীত ‘ভাৰত’ বুলি লিখা থাকিব। ৭৫ টকীয়া নতুন মুদ্ৰাটোত ভাৰতীয় মুদ্ৰাৰ প্ৰতীক ‘ৰুপি’ চিহ্নও থাকিব।
মুদ্ৰাৰ সিটো ফালে নতুন সংসদ ভৱনৰ ছবি থাকিব। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে কয় যে ছবিখনৰ ওপৰত দেৱনাগৰীত ‘সংসদ সংকুল’ আৰু তলত ইংৰাজীত ‘পাৰ্লামেন্ট কমপ্লেক্স’ লিখা হʼব।
বিত্ত মন্ত্ৰালয়ে জনাইছে যে ৭৫ টকাৰ এই বিশেষ মুদ্ৰাৰ ওজন ৩৫ গ্ৰাম। ৫০ শতাংশ ৰূপ, ৪০ শতাংশ তাম, ৫ শতাংশ নিকেল আৰু ৫ শতাংশ জিংকৰ দ্বাৰা নিৰ্মিত। এই বিশেষ মুদ্ৰাটো ২৮ মেʼ দেওবাৰে, নতুন সংসদ ভৱন উদ্বোধনৰ দিনা উন্মোচন কৰা হʼব।
উল্লেখযোগ্য যে প্ৰায় ৬০ হাজাৰ শ্ৰমিকে দুবছৰীয়া কষ্টৰ অন্তত এই নতুন ভৱনটো নিৰ্মাণ সম্পূৰ্ণ কৰি উলিয়াইছে, যিটো এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে। কিন্তু তাৰ আগতে উদ্বোধনী অনুষ্ঠানক লৈ বিতৰ্কৰ সৃষ্টি হয়। তৃণমূল, আম আদমী পাৰ্টি, কংগ্ৰেছ, বাওঁ, সমাজবাদী পাৰ্টিকে ধৰি ২০টা বিৰোধী দলে উদ্বোধনী অনুষ্ঠান বৰ্জনৰ আহ্বান জনাইছে। শাসকীয় দলটোৱেও বিৰোধী দলৰ ওপৰত ওলোটা আক্ৰমণ আৰম্ভ কৰিছে। শাসকীয় বিজেপিয়ে উদ্বোধনী বৰ্জনৰ সিদ্ধান্তক ‘দেশৰ গণতান্ত্ৰিক নীতি আৰু সাংবিধানিক মূল্যবোধৰ অৱমাননা’ বুলি অভিহিত কৰে।