সদ্য সমাপ্ত ইউপিএছচি (UPSC), ২০২২ত পঞ্চম স্থান দখল কৰিছে অসমৰ যুৱক ময়ুৰ হাজৰিকা (5th position Mayur Hazarika of Assam)ই।২০২২ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা অসামৰিক সেৱা পৰীক্ষা, ২০২২ৰ লিখিত আৰু ২০২৩ চনৰ জানুৱাৰী-মে’ মাহত অনুষ্ঠিত ব্যক্তিত্ব পৰীক্ষাৰ সাক্ষাৎকাৰৰ ফলাফলৰ ভিত্তিত মঙলবাৰে ঘোষণা কৰা হয় এই পৰীক্ষাৰ ফলাফল।
এইবাৰ মুঠ ৯৩৩ গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ বাবে পৰামৰ্শ দিয়া হৈছে। ইফালে শীৰ্ষ চাৰিটা ৰেংকৰ আটাইকেইটা দখল কৰিছে মহিলাই।
তেওঁলোক হৈছে-
প্ৰথম ৰেংক- ইচিতা কিছোৰে
দ্বিতীয় ৰেংক- গৰিমা লোহিয়া
তৃতীয় ৰেংক- উমা সাৰথী আৰু
চতুৰ্থ ৰেংক- স্মৃতি মিশ্ৰ
আনহাতে, আন চাৰিটা স্থান অধিকাৰ কৰিছে কৰিছে ক্ৰমে ময়ুৰ হাজৰিকা, গহনা নব্য জেমছ, ৱাচিম আহমদ ভাট, অনিৰুদ্ধ যাদৱ, কণিকা গোৱেল আৰু ৰাহুল শ্ৰীবাস্তৱ।