কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তত উদ্ধাৰ হৈছে প্ৰায় ১২ লাখ টকা মূল্যৰ নিচাযুক্ত কানি(Drugs seized) ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি এক গোপন খবৰৰ ভিত্তিত কাৰবি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ডিলাই (Dillai) তিনিআলিত এক নাকা তালাচী স্থাপন কৰে ৷
ডিলাই আৰু বোকাজান অ’চিৰ নেতৃত্বত চি 20 চি আৰপিএফৰ দল আৰু থানা ষ্টাফৰ সহযোগত চলোৱা নাকা তালাচীত AS-09-AC-1602 পঞ্জীয়ন নম্বৰৰ বাহনৰ পৰা ১০টা পেকেটত ১০’৩ কেজি কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কানিখিনিৰ সৈতে আৰক্ষীয়ে মাঞ্জা ৯ মাইল নেপালী বস্তিৰ সঞ্জু ছেত্ৰী (৩০) আৰু মণিপুৰ ইম্ফলৰ বিশাল ছেত্ৰী (৩৭)-ক আটক কৰিবলৈ সক্ষম হয় ৷
উদ্ধাৰ হোৱা কানিৰ পেকেটসমূহ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয়৷