২০০০ টকীয়া নোট বাতিল (Rs 2,000 notes cancelled) ঘোষণাৰ পিছদিনাই চৰকাৰী কাৰ্যালয়ৰ পৰা কোটি কোটি টকা উদ্ধাৰ (Crores of rupees and Gold biscuits recovered) কৰে আৰক্ষীয়ে। কেৱল ধনেই নহয়, সোণৰ বিস্কুটো উদ্ধাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চৰকাৰী কাৰ্যালয়ৰ বেছমেণ্টত গৰাকীবিহীন হিচাপে পৰি আছিল ধনখিনি। ইতিমধ্যে এই ঘটনাত চৰকাৰী কাৰ্যালয়টোৰ ৮ জনমান কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
ৰাজস্থানৰ জয়পুৰত (In Jaipur, Rajasthan) সংঘটিত হৈছে এই ঘটনা। কিন্তু এই টকা কʼৰ পৰা আহিল, কাৰ টকা তাৰ তদন্ত চলি আছে। আৰক্ষীৰ তথ্য অনুসৰি, উদ্ধাৰ হোৱা নগদ ধনৰ পৰিমাণ প্ৰায় ২.৫ কোটি। আৰক্ষীৰ সূত্ৰ অনুসৰি ধনখিনিৰ লগতে এক কেজি সোণৰ বিস্কুটো উদ্ধাৰ হৈছে।
ৰাজস্থানৰ চৰকাৰী শীৰ্ষ বিষয়া মহেশ গুপ্তাই এই সন্দৰ্ভত জয়পুৰ আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে যোজনা ভৱনত তালাচী অভিযান চলায়। জয়পুৰ আৰক্ষী আয়ুক্ত আনন্দ কুমাৰ শ্ৰীবাস্তৱে কয়, “যোজনা ভৱনৰ বেছমেণ্টত থকা এটা বেগৰ পৰা ২ কোটি ৩১ লাখ টকা আৰু ১ কেজি সোণৰ বিস্কুট উদ্ধাৰ কৰা হৈছে।
তদন্ত আৰম্ভ হৈছে। এই ধন কʼৰ পৰা আহিছিল চিচিটিভিৰ ফুটেজ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে। কোনোবাই টকাৰ বেগটো তাতে থৈ গৈছিল নেকি, তাৰো তদন্ত চলি আছে। মুখ্যমন্ত্ৰী অশোক গেহলটকো এই বিষয়ে অৱগত কৰা হৈছে।”
উল্লেখযোগ্য যে শুকুৰবাৰে ৰিজাৰ্ভ বেংকে ঘোষণা কৰে যে ২০০০ টকীয়া নোট ৩০ ছেপ্টেম্বৰলৈকে বৈধ হৈ থাকিব। ২০০০ টকাৰ নোট উক্ত সময়সীমাৰ ভিতৰত বেংকত জমা কৰিব লাগে। এই নোট বাতিল ঘোষণাৰ কিছু সময়ৰ পাছতেই জয়পুৰৰ চৰকাৰী ভৱনৰ পৰা কোটি কোটি টকা উদ্ধাৰৰ গোচৰত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।