পুনৰ নোট বাতিল! এইবাৰ ২০০০ টকীয়া নোট বন্ধ (Rs 2,000 currency closed) কৰাৰ সিদ্ধান্ত ল’লে ভাৰতীয় ৰিজার্ভ বেংকে ( Reserve Bank of India decides)। শুকুৰবাৰে এক বিজ্ঞপ্তিত এই কথা জনাইছে আৰবিআয়ে। অবিলম্বে ২০০০ টকীয়া নোটৰ ব্যৱহাৰ বন্ধ কৰিবলৈ বেংকবোৰক পৰামর্শ দিছে আৰবিআয়ে।আনহাতে, ২০০০ হাজাৰ টকীয়া নোট কাৰোবাৰ হাতত থাকিলে সেয়া ২৩ মে’ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত বেংকত জমা কৰিব লাগিব হ’ব।
উল্লেখযোগ্য যে ২০১৬ চনত নোট বাতিল কৰিছিল নৰেন্দ্র মোদী চৰকাৰে। সেইবাৰ ৫০০ আৰু ১ হাজাৰ টকীয়া নোট বাতিল কৰা হৈছিল। যাক কেন্দ্ৰ কৰি দেশজুৰি এক হুলস্থুল লাগি পৰিছিল। বিপদত পৰিছিল বহু লোক। ইয়াকে লৈ ৰাষ্ট্ৰীয় ৰাজনীতি গৰম হৈ পৰিছিল। ৭ বছৰৰ মূৰত এইবাৰ ২০০০ টকীয়া নোট পুনৰ বন্ধ কৰিবলৈ লৈছে।
আৰবিআয়ে জনোৱা মতে, ২০১৬ চনত নোট বাতিলৰ সময়ত ৫০০ আৰু ১০০০ টকাৰ নোট বাতিল কৰা হৈছিল। সেই সময়ত নোটৰ ঘাটি পূৰণ কৰিবলৈ বজাৰত ২০০০ টকীয়া নোট অনা হৈছিল। বর্তমান অন্য নোটবোৰৰ যোগান যথেষ্ট পৰিমাণে আছে। সেয়ে ২০১৮-১৯ চনত ২০০০ টকীয়া নোট ছপোৱা বন্ধ কৰি দিয়া হয়।
বজাৰত যিমান সংখ্যক ২ হাজাৰ টকীয়া নোট আছে, ২০১৭ চনৰ মার্চ মাহৰ পূৰ্বে তাৰে প্রায় ৮৯ শতাংশ এৰি দিয়া হৈছিল। বজাৰত যিমান পৰিমাণৰ ২ হাজাৰৰ নোট লেনদেন হৈছিল, তাৰ পৰিমাণ ক্রমান্বয়ে কমিছে। ২০১৮ চনৰ ৩১ মার্চত ইয়াৰ পৰিমাণ আছিল ৬.৭৩ লাখ কোটি টকা। কিন্তু ২০২৩ চনৰ ৩১ মার্চত সেয়া কমি হয় ৩.৬২ লাখ কোটি টকা। আৰবিআইৰ মতে, ২০০০ টকীয়া নোটৰ ব্যৱহাৰ লাহে লাহে কমিছে।