ASSAM TIMES POST
নতুন দিল্লীঃ সমগ্ৰ ভাৰততে ৰাষ্ৰী বয় নাগৰিক পঞ্জী উন্নীত কৰা হ’ব বুলি কোৱা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অবৈধ অনুপ্ৰৱেশকাৰীক সকীয়নি প্ৰদান কৰে। বিধান সভা নিৰ্বাচনৰ উপলক্ষে ঝাৰখণ্ডৰ পশ্চিম সিংভূমত অনুষ্ঠিত এক জন সভাত ভাগ লৈয়ে তেওঁ এই কথা সদৰী কৰে। তেওঁ কয় যে ২০২৪ চন, অৰ্থাৎ অহা লোক সভা নিৰ্বাচনৰ পূৰ্বেই অবৈধ বিদেশীয়ে দেশ এৰি যাব লাগিব। তেওঁ কয়, ‘সমগ্ৰ দেশজুৰি এনআৰচি উন্নীত কৰা হ’ব। জাতি-ধৰ্ম নিৰ্বিশেষে কোনোৱে ইয়াকে লৈ ভীতিগ্ৰস্ত হ’ব নালাগে। ই হৈছে সকলোকে এনআৰচিৰ আউটিলৈ অনা প্ৰচেষ্টাহে।’











