কৰ্ণাটকত কংগ্ৰেছৰ (Congress in Karnataka) বিশাল জয়। ২২৪খন আসনৰ বিধানসভাত ১৩৯খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। আনহাতে, মাত্ৰ ৬২খন আসনত আগবাঢ়ি আছে বিজেপি। কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। দলৰৰ সাংসদ ৰাহুল গান্ধী (Rahul Gandhi)য়ে কৰ্ণাটকবাসীক অভিনন্দন জ্ঞাপন (Congratulations to people of Karnataka) কৰে। তেওঁ কয়, “ঘৃণাৰ বজাৰ বন্ধ হ’ল (hate market has closed)। কৰ্ণাটকত মুকলি হʼল প্ৰেমৰ দোকান।” ৰাহুলৰ ভাষাত, “দুখীয়া মানুহৰ ক্ষমতাই জয়ী হʼল। কৰ্ণাটকৰ আৰ্হি এতিয়া আন ৰাজ্যতো প্ৰতিফলিত হʼব।
কংগ্ৰেছ একমাত্ৰ দল, যিয়ে দুখীয়াৰ সমস্যা উত্থাপন কৰিছিল।” নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাৰ আশ্বাস ৰাহুলৰ।ইতিমধ্যে বিধানসভা নিৰ্বাচনত পৰাজয় মানি লৈছে কৰ্ণাটকৰ বিদায়ী মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে। তেওঁ অতি সোনকালে পদত্যাগ পত্ৰ দাখিল কৰিব বুলি জনা গৈছে। এতিয়া প্ৰশ্ন হয়, কংগ্ৰেছে কাক মুখ্যমন্ত্ৰী হিচাপে বাছি লʼব। আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া আৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ।