ASSAM TIMES POST
নতুন দিল্লীঃ ৫ দিনীয়া ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰে সোমবাৰে কাহিলীপুৱাতে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়হি ছুইডেনৰ ৰজা কাৰ্ল গাষ্টাফ ফল্কে হুৰ্বাটাছ আৰু ৰাণী ৰিণেট চুম্মাৰলাঠ। বিমানবন্দৰত দুয়ো ৰাজ অতিথিক উষ্ম আদৰণি জনাই সাংসদ বাবুল সুপ্ৰিয়ই। ভাৰত ভ্ৰমণৰ সময়ছোৱাত এইহাল ৰাজ দম্পতীয়ে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হ’ব। ষ্টকহল্মৰপৰা এয়াৰ ইণ্ডিয়াৰ এআই১৬৮ বিমানখনেৰে ভাৰতৰ মাটিত পদাৰ্পণ কৰি এইহাল দম্পতীয়ে দেখুৱালে অনন্য নিদৰ্শন। সেয়া হ’ল দুয়ো নিজৰ হাতেৰে কঢ়িয়াই আনিলে তেওঁলোকৰ বেগ দুটা। ৰজা কাৰ্ল গাষ্টাফ ফল্কে হুৰ্বাটাছে এখন হাতত তেওঁৰ ব্ৰীফকেছ আৰু আন নথি-পত্ৰৰ এটা পেকেট লৈয়ে আদৰিবলৈ ৰৈ থকা সকলৰ সৈতে আনখন হাতেৰে কৰমৰ্দন কৰিছে। একেদৰে, ৰাণী ৰিণেট চুম্মাৰলাঠেও হাতত বয়-বস্তুৰ বেগ লৈয়ে সম্ভাষণ গ্ৰহণ কৰিছে। সম্প্ৰতি, এই মুহূৰ্তবোৰৰ আলোকচিত্ৰসমূহ ভাইৰেল হৈ পৰাৰ সমান্তৰালভাৱে দুয়োৰে ভিআইপি সংস্কৃতিবিহীন সৰল-জীৱন-যাপন প্ৰণালীক লৈ চৰ্চা চলিছে।