লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (Lucknow Super Giants)ৰ বিৰুদ্ধে ফিল্ডিং (Fielding against) কৰিবলৈ নামি অহাৰ সময়ত ট্ৰাউজাৰ ওলোটা (Trousers inverted)কৈ পিন্ধিছিল উইকেটৰক্ষক (Wicket-keeper) ঋদ্ধিমান সাহা (Riddhiman Saha)ই। ইয়াৰ পূৰ্বে তেওঁ ৪৩টা বলত ৮১ ৰান সংগ্ৰহৰ ইনিংছ খেলাৰ সময়ত ঠিকেই আছিল। তেনেহ’লে ট্ৰাউজাৰটো কেনেকৈ ওলোটা হৈ গ’ল? উইকেটকীপাৰ বেটছমেনজনে নিজেই ক’লে ইয়াৰ আঁৰৰ কাহিনী।
লক্ষ্ণৌৰ ইনিংছৰ সময়ত গুজৰাট টাইটানছে শ্ৰীকৰ ভাৰতক বিকল্প উইকেটকীপাৰ হিচাপে লয়। খেলপথাৰলৈ যোৱাৰ কথা নাছিল বাবে ড্ৰেছিং ৰুমত ঋদ্ধিমান নিশ্চন্তমনে আছিল। কিন্তু সেই সময়ত আম্পায়াৰসকলে শ্ৰীকৰক খেলিবলৈ দিয়া নাছিল। গতিকে শীঘ্ৰে খেলপথাৰলৈ আহিবলগা হয় ঋদ্ধিমান।
ঋদ্ধিমানে কয়, “মই তেতিয়া খাই আছিলো। ফিজিঅ’ই মোক ঔষধ এটা খাবলৈ কয়। খেল আৰম্ভ হোৱাৰ সময় হৈ গৈছিল৷ মোক খৰধৰকৈ খেলপথাৰলৈ যাবলৈ কোৱা হয়। খৰখেদাকৈ তৈয়াৰ হোৱাত লক্ষ্য কৰা নাছিলো যে ওলোটাকৈ ট্ৰাউজাৰটো পিন্ধি মই তললৈ নামি আহিলোঁ। দুটা অ’ভাৰৰ পিছত মই আকৌ ড্ৰেছিং ৰুমলৈ আহিলোঁ। সকলোৱে লক্ষ্য কৰিলে, কিন্তু মোৰ খবৰে নাছিল।”
আইপিএলত সুন্দৰ ছন্দত আছে ঋদ্ধিমান। প্ৰায় সকলো বিশেষজ্ঞই তেওঁৰ উইকেটৰক্ষকৰ প্ৰশংসা কৰে। ভাৰতীয় দলৰ পৰা বাদ পৰাৰ পাছতো ঋদ্ধিমানে প্রমাণ কৰি আছে যে প্রতিখন মেচতে তেওঁৰ দক্ষতা কমি যোৱা নাই৷ লগতে ৰাণো কৰিছে। একেৰাহে দুখন মেচত গুজৰাট টাইটানছৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি ঋদ্ধিমানে লাইমলাইটলৈ আহিছে।