কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে (Congress president Mallikarjun Kharge) আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ (BJP conspires to kill his family)। এই অভিযোগ শনিবাৰে কংগ্ৰেছে উত্থাপন কৰে (Congress has levelled allegations)। এআইচিচিৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সুৰজেৱালাই কৰ্ণাটক বিজেপিৰ নেতা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী মণিকান্ত ৰাথোৰ আৰু স্থানীয় গেৰুৱা শিবিৰৰ নেতাৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ‘প্ৰমাণ’ হিচাপে প্ৰকাশ (Published as audio ‘proof’) কৰে।
উক্ত অডিঅ’টোত নিজকে মণিকান্ত বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে আন এজন ব্যক্তিক ফোনত কোৱা শুনা যায়, “আমি তেওঁৰ সমগ্ৰ পৰিয়ালটো নিশ্চিহ্ন কৰি পেলাম।” উল্লেখযোগ্য যে সমষ্টিটোত ২০১৩ আৰু ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত মল্লিকাৰ্জুনৰ পুত্ৰ প্ৰিয়ংক জয়ী হৈছিল।
এইবাৰো নিৰ্বাচনত তেওঁ মণিকান্তৰ প্ৰতিদ্বন্দ্বী। ১০ মেʼত কৰ্ণাটকৰ ২২৪টা বিধানসভা সমষ্টিত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হʼব। ১৩ মেʼত ভোট গণনা। তাৰ পূৰ্বে দক্ষিণ ভাৰতৰ ৰাজ্যখনত ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে।
২৭ এপ্ৰিলত কালবুৰ্গীত অনুষ্ঠিত নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি খৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল। পিছত খৰ্গেয়ে এই মন্তব্যৰ বাবে ক্ষমা বিচাৰে। নিজৰ বক্তব্যটো অলপ সলনি কৰি খৰ্গেয়ে কয় যে মোডী নহয়, বিজেপি বিষাক্ত সাপৰ দৰে। মুখ স্পৰ্শ কৰিলেই মৃত্যু নিশ্চিত!
ইয়াৰ পিছত প্ৰিয়ংকই প্ৰধানমন্ত্ৰী মোডীক ‘নালায়ক’ (অপদাৰ্থ) বুলি অভিহিত কৰে। দুয়োজনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এজাহাৰ দাখিল কৰে বিজেপিয়ে। কিন্তু মাত্ৰ যোৱা সপ্তাহত কৰ্ণাটকৰ বিজেপিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন গৌড়া পাটিল য়াতমলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক “বিষকন্যা” আৰু “পাকিস্তান আৰু চীনৰ গুপ্তচৰ” বুলি অভিহিত কৰে।