ASSAM TIMES POST
বোকাৰুঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেশজুৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত কৰা হ’ব বুলি কোৱাৰ পাছত দেওবাৰে একে কথাকে কয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ঝাৰখণ্ডৰ বোকাৰুত অনুষ্ঠিত এক কাৰ্যসূচীত ভাগ লৈয়ে তেওঁ দেশজুৰি এনআৰচি উন্নীতকৰণ হ’ব বুলি কয়। তেওঁ কয়, ‘আমি দেশৰ প্ৰতিখন ৰাজ্যতে এনআৰচি উন্নীত কৰিম। প্ৰতিজন ভাৰতীয়ৰে দেশৰ মাটিত থকা অবৈধ অনুপ্ৰৱেশকাৰীসকল সন্দৰ্ভত জনাৰ অধিকাৰ আছে। ইয়াকে লৈ কিছুমান দলে আমাক সমালোচনা কৰি সাম্প্ৰদায়িক বুলি কৈছে।’