হাওৰাঘাট বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক (Former MLA, Haoraghat Assembly constituency) তথা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙে (Jairam Inglang)৷ আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান (Join congress party) কৰে৷ জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এই উপলক্ষে হোৱা সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে আদি কৰি বহু কেইগৰাকী সাধাৰণ সম্পাদক আৰু প্ৰাক্তন বিধায়ক৷ জয়ৰাম ইংলেঙৰ লগতে আজি কংগ্ৰেছত যোগদান কৰে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ভূপেন হাঞ্চু, সক্ৰিয় বিজেপি কৰ্মি মহেশ্বৰ ৰাইজুং, এডৱাৰ্ট টপ্ন’, কাৰবি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মোহন টেৰণ, দিলীপ তেৰাঙ, চন্দ্ৰ লেকথে আৰু পশ্চিম কাৰবি আংলং জিলাৰ বিজেপিৰ সম্পাদক লক্ষীকান্ত বৰদলৈয়ে৷ দলত যোগদান কৰি জয়ৰ্ম ইংলেঙে কয়যে, আজি বুদ্ধ পূৰ্ণিমাৰ দিন৷ অহিংসাই পৰম ধৰ্ম এই কথা সৰোগত কৰি এই পৱিত্ৰ দিনত ডিফুলৈ অহাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধন্যবাদ জ্ঞাপন কৰিছো ৷ এক কথাত মোৰ আজি ঘৰ ৱাপচী হৈছে৷ জাতি ধৰ্ম, বৰ্ণলৈ কৰা ৰাজনীতি কৰিব নিবিচাৰো ৷ এই ৰাজনীতি মোৰ বাবে তিক্ততাপূৰ্ণ হৈ পৰিছিল৷ নিৰাপত্তা, শান্তি উন্নয়নক গুৰুত্ব নিদি ধৰ্মৰ ভিত্তিত বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্যৰ নেতৃত্ব নিমজ্জিত হৈছে৷
সাংসদ গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰি আজিৰ এই পৱিত্ৰ দিনত সকলোকে শুভেশ্ছা জ্ঞাপন কৰে৷ জয়ৰাম ইংলেঙৰ যোগদান কংগ্ৰেছৰ বাবে ৰাজনৈতিক পোহৰৰ আখ্যা দিয়ে৷ মই তেওঁক দললৈ স্বাগতম জনাইছো বুলি উল্লেখ কৰি কাৰবি আংলঙৰ জনতাৰ সপোন বাস্তবায়ত কৰাত তেওঁ সফল হব বুলি আশা প্ৰকাশ কৰে৷ তেওঁৰ পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্মৃতি স্মৰণ কৰি গৌৰৱ গগৈয়ে কয় যে, কাৰবি আংলঙৰ উন্নয়নৰ বাবে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে বহুত অৱদান আগবঢ়াই গৈছে ৷ বিগত বৰ্ষৰ মে মাহত ৰাহুল গান্ধীৰ নেতৃত্বত ওলোৱা ‘ভাৰত জোড়ো ‘যাত্ৰাই কংগমৰেছক অনন্য মাত্ৰা প্ৰদান কৰিলে৷ কংগ্ৰেছ দল ক্ষমতাৰ পৰা আঁতৰিব পাৰে, কিন্তু মানুহৰ হৃদয়ৰ পৰা কংগ্ৰেছ আঁতৰা নাই৷ কৰ্ণাটকৰ নিৰ্বাচনত বিজেপি পৰাজিত হব বুলি দাবী কৰি কংগ্ৰেছৰ নেতৃত্বত ২০২৪ চনত চৰকাৰ গঠন হব বুলিও দাবী কৰে গগৈয়ে৷ ৰাতি সপোন দেখি উন্নয়নৰ আঁচনি গ্ৰহণ কৰা বুলি প্ৰকাশ কৰা মুখ্যমন্ত্ৰীয়ে কি সপোন দেখি বাল্য বিবাহৰ নামত তিনি হাজাৰ পুৰুষক জেলৰ ভাত খুৱালে, সেইটো মই বুজি নাপালো বুলিও গগৈয়ে কটাক্ষ কৰে ৷ মোৰ পিতৃও ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল যদিও আজিৰ মুখ্যমন্ত্ৰীৰ দৰে মই মুখ্যমন্ত্ৰী বুলি দম্ভালি মৰা নাছিল৷ তৰুণ গগেয়ে নিজকে সেৱক বুলি কৈছিল, অহংকাৰ কৰা নাছিল ৷ বৰ্তমান মুখ্যমন্ত্ৰীৰ কালত চাৰিগৰাকী ঠিকাদাৰে সকলো কাম কৰি আছে বুলি তাতপৰ্যপূৰ্ণ মন্তব্য কৰে৷ এয়া সময়ত ফাদিল হব বুলি কয়৷ বিজেপিয়ে বৰ্তমান ভয় ভাবুকিৰে শাসনভাৰ চলাই আছে৷
ভূপেন বৰাই ভাষণ প্ৰদান কৰি কয় যে, অসমত কংগ্ৰেছ দলে যি কথা কৈ আছে সেয়া ৰাইজৰ মনৰ কথা হব বুলি অৱগত কৰে৷ অসমৰ ৰাইজে বিগত বিধানসভা নিৰ্বাচনত এই গৰাকী মুখ্যমন্ত্ৰী ডঃ শৰ্মা মুখ্যমন্ত্ৰী হব বুলি গম পোৱা নাছিল বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱালক এজন জনজাতীয় মুখ্যমন্ত্ৰী ৰুপে প্ৰক্ষেপ কৰি ছলেৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা বুলিও কটাক্ষ কৰে৷ কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ বিৰুদমধে আন্দোলন ঘোষণা কৰা বিজেপি দলে একেজন তুলিৰামক এতিয়া পুণৰ মুখ্য কাৰ্যবাহী সদস্য পাতিলে ৷ কাৰবি আংলঙত এতিয়া শিল বালিকে আদি কৰি সকলো ক্ষেত্ৰত লুণ্ঠনৰাজ চলিছে বুলিও বৰাই মন্তব্য কৰে৷ তুলিৰাম ৰংহাঙক বিজেপিয়ে তেওঁলোকৰ ৱাচিং মেচিনত ধোৱাই নিকা কৰি আনিলে বুলিও তেওঁক কটাক্ষ কৰে৷ হিমন্ত সৰ্বানন্দৰ এতিয়া তুমুল যুদ্ধ চলা বৱলি দাবী কৰি হিমন্তই যদি বিজেপি নেতা-কৰ্মীক আগে দেখ বুলি নিৰ্দেশ দিয়ে, সৰ্বানন্দই নিৰ্দেশ দিয়ে পিছ দেখ বুলি কটাক্ষ কৰে বৰাই ৷
এআইইউডিএফ সন্দৰ্ভত বৰাই মন্তব্য কৰি কয়যে, আজমলক দিছপুৰৰ ষোল্ল যোজন দূৰত ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবী এতিয়া অসাৰ হ’ল ৷ কাৰণ বৰাকত এখন ৰাজহুৱা সভাত মন্ত্ৰী পীয়ুষ হাজৰিকাক এআইইউডিএফৰ বিধায়কে তেওঁলোকৰ দলৰ মূল ব্যক্তিলবুলি অভিহিত কৰা বুলি বৰাই দাবী কৰে ৷ অসমত এতিয়া ২৭ খন টোলগেট চলি থকা বুলি উল্লেখ কৰি এতিয়া কেৱল জনতাৰ শোষণ কৰা চৰকাৰহে চলি থকা বুলি কটাক্ষ কৰে ৷ কংগ্ৰেছ দলক শক্তিশালী কৰিবলৈ বৰাই আহ্বান জনায় ৷ হিমন্ত বিশ্ব শৰ্মাক যিগৰাকী সিদ্বাৰ্থ ভট্টাচাৰ্যৰ আঙুলিত ধৰি তেওঁ বিজেপিলৈ আনিলে সেই ভট্টাচাৰ্যকে আজি মুখ্যমন্ত্ৰীয়ে চিনি নাপায়, তেনে ক্ষেত্ৰত জয়ৰাম ইংলেঙক কি দৰেসচিনি পাব ৷ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ক্ষমতাৰ পিছত দৌৰা মুখ্যমন্ত্ৰী নিজেই নেজানে তেওঁৰ নতুন ঠিকনা কি হব?