ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত ভুপেন বৰা, গৌৰৱ গগৈৰ উপস্থিতিত জয়ৰাম ইংলেঙৰ কংগ্ৰেছত যোগদান

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
May 6, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

হাওৰাঘাট বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক (Former MLA, Haoraghat Assembly constituency) তথা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেঙে (Jairam Inglang)৷ আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান (Join congress party) কৰে৷ জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এই উপলক্ষে হোৱা সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে আদি কৰি বহু কেইগৰাকী সাধাৰণ সম্পাদক আৰু প্ৰাক্তন বিধায়ক৷ জয়ৰাম ইংলেঙৰ লগতে আজি কংগ্ৰেছত যোগদান কৰে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ভূপেন হাঞ্চু, সক্ৰিয় বিজেপি কৰ্মি মহেশ্বৰ ৰাইজুং, এডৱাৰ্ট টপ্ন’, কাৰবি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মোহন টেৰণ, দিলীপ তেৰাঙ, চন্দ্ৰ লেকথে আৰু পশ্চিম কাৰবি আংলং জিলাৰ বিজেপিৰ সম্পাদক লক্ষীকান্ত বৰদলৈয়ে৷ দলত যোগদান কৰি জয়ৰ্ম ইংলেঙে কয়যে, আজি বুদ্ধ পূৰ্ণিমাৰ দিন৷ অহিংসাই পৰম ধৰ্ম এই কথা সৰোগত কৰি এই পৱিত্ৰ দিনত ডিফুলৈ অহাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধন্যবাদ জ্ঞাপন কৰিছো ৷ এক কথাত মোৰ আজি ঘৰ ৱাপচী হৈছে৷ জাতি ধৰ্ম, বৰ্ণলৈ কৰা ৰাজনীতি কৰিব নিবিচাৰো ৷ এই ৰাজনীতি মোৰ বাবে তিক্ততাপূৰ্ণ হৈ পৰিছিল৷ নিৰাপত্তা, শান্তি উন্নয়নক গুৰুত্ব নিদি ধৰ্মৰ ভিত্তিত বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্যৰ নেতৃত্ব নিমজ্জিত হৈছে৷

diphup3 | ASSAM TIMES POST

সাংসদ গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰি আজিৰ এই পৱিত্ৰ দিনত সকলোকে শুভেশ্ছা জ্ঞাপন কৰে৷ জয়ৰাম ইংলেঙৰ যোগদান কংগ্ৰেছৰ বাবে ৰাজনৈতিক পোহৰৰ আখ্যা দিয়ে৷ মই তেওঁক দললৈ স্বাগতম জনাইছো বুলি উল্লেখ কৰি কাৰবি আংলঙৰ জনতাৰ সপোন বাস্তবায়ত কৰাত তেওঁ সফল হব বুলি আশা প্ৰকাশ কৰে৷ তেওঁৰ পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ স্মৃতি স্মৰণ কৰি গৌৰৱ গগৈয়ে কয় যে, কাৰবি আংলঙৰ উন্নয়নৰ বাবে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে বহুত অৱদান আগবঢ়াই গৈছে ৷ বিগত বৰ্ষৰ মে মাহত ৰাহুল গান্ধীৰ নেতৃত্বত ওলোৱা ‘ভাৰত জোড়ো ‘যাত্ৰাই কংগমৰেছক অনন্য মাত্ৰা প্ৰদান কৰিলে৷ কংগ্ৰেছ দল ক্ষমতাৰ পৰা আঁতৰিব পাৰে, কিন্তু মানুহৰ হৃদয়ৰ পৰা কংগ্ৰেছ আঁতৰা নাই৷ কৰ্ণাটকৰ নিৰ্বাচনত বিজেপি পৰাজিত হব বুলি দাবী কৰি কংগ্ৰেছৰ নেতৃত্বত ২০২৪ চনত চৰকাৰ গঠন হব বুলিও দাবী কৰে গগৈয়ে৷ ৰাতি সপোন দেখি উন্নয়নৰ আঁচনি গ্ৰহণ কৰা বুলি প্ৰকাশ কৰা মুখ্যমন্ত্ৰীয়ে কি সপোন দেখি বাল্য বিবাহৰ নামত তিনি হাজাৰ পুৰুষক জেলৰ ভাত খুৱালে, সেইটো মই বুজি নাপালো বুলিও গগৈয়ে কটাক্ষ কৰে ৷ মোৰ পিতৃও ১৫ বছৰ মুখ্যমন্ত্ৰী আছিল যদিও আজিৰ মুখ্যমন্ত্ৰীৰ দৰে মই মুখ্যমন্ত্ৰী বুলি দম্ভালি মৰা নাছিল৷ তৰুণ গগেয়ে নিজকে সেৱক বুলি কৈছিল, অহংকাৰ কৰা নাছিল ৷ বৰ্তমান মুখ্যমন্ত্ৰীৰ কালত চাৰিগৰাকী ঠিকাদাৰে সকলো কাম কৰি আছে বুলি তাতপৰ্যপূৰ্ণ মন্তব্য কৰে৷ এয়া সময়ত ফাদিল হব বুলি কয়৷ বিজেপিয়ে বৰ্তমান ভয় ভাবুকিৰে শাসনভাৰ চলাই আছে৷

diphup2 | ASSAM TIMES POST

ভূপেন বৰাই ভাষণ প্ৰদান কৰি কয় যে, অসমত কংগ্ৰেছ দলে যি কথা কৈ আছে সেয়া ৰাইজৰ মনৰ কথা হব বুলি অৱগত কৰে৷ অসমৰ ৰাইজে বিগত বিধানসভা নিৰ্বাচনত এই গৰাকী মুখ্যমন্ত্ৰী ডঃ শৰ্মা মুখ্যমন্ত্ৰী হব বুলি গম পোৱা নাছিল বুলি উল্লেখ কৰি সৰ্বানন্দ সোণোৱালক এজন জনজাতীয় মুখ্যমন্ত্ৰী ৰুপে প্ৰক্ষেপ কৰি ছলেৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা বুলিও কটাক্ষ কৰে৷ কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ দুৰ্নীতিৰ বিৰুদমধে আন্দোলন ঘোষণা কৰা বিজেপি দলে একেজন তুলিৰামক এতিয়া পুণৰ মুখ্য কাৰ্যবাহী সদস্য পাতিলে ৷ কাৰবি আংলঙত এতিয়া শিল বালিকে আদি কৰি সকলো ক্ষেত্ৰত লুণ্ঠনৰাজ চলিছে বুলিও বৰাই মন্তব্য কৰে৷ তুলিৰাম ৰংহাঙক বিজেপিয়ে তেওঁলোকৰ ৱাচিং মেচিনত ধোৱাই নিকা কৰি আনিলে বুলিও তেওঁক কটাক্ষ কৰে৷ হিমন্ত সৰ্বানন্দৰ এতিয়া তুমুল যুদ্ধ চলা বৱলি দাবী কৰি হিমন্তই যদি বিজেপি নেতা-কৰ্মীক আগে দেখ বুলি নিৰ্দেশ দিয়ে, সৰ্বানন্দই নিৰ্দেশ দিয়ে পিছ দেখ বুলি কটাক্ষ কৰে বৰাই ৷

diphuP | ASSAM TIMES POST

এআইইউডিএফ সন্দৰ্ভত বৰাই মন্তব্য কৰি কয়যে, আজমলক দিছপুৰৰ ষোল্ল যোজন দূৰত ৰাখিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা দাবী এতিয়া অসাৰ হ’ল ৷ কাৰণ বৰাকত এখন ৰাজহুৱা সভাত মন্ত্ৰী পীয়ুষ হাজৰিকাক এআইইউডিএফৰ বিধায়কে তেওঁলোকৰ দলৰ মূল ব্যক্তিলবুলি অভিহিত কৰা বুলি বৰাই দাবী কৰে ৷ অসমত এতিয়া ২৭ খন টোলগেট চলি থকা বুলি উল্লেখ কৰি এতিয়া কেৱল জনতাৰ শোষণ কৰা চৰকাৰহে চলি থকা বুলি কটাক্ষ কৰে ৷ কংগ্ৰেছ দলক শক্তিশালী কৰিবলৈ বৰাই আহ্বান জনায় ৷ হিমন্ত বিশ্ব শৰ্মাক যিগৰাকী সিদ্বাৰ্থ ভট্টাচাৰ্যৰ আঙুলিত ধৰি তেওঁ বিজেপিলৈ আনিলে সেই ভট্টাচাৰ্যকে আজি মুখ্যমন্ত্ৰীয়ে চিনি নাপায়, তেনে ক্ষেত্ৰত জয়ৰাম ইংলেঙক কি দৰেসচিনি পাব ৷ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ক্ষমতাৰ পিছত দৌৰা মুখ্যমন্ত্ৰী নিজেই নেজানে তেওঁৰ নতুন ঠিকনা কি হব?

Tags: congressJairam Inglangকংগ্ৰেছজয়ৰাম ইংলেঙ
Share4Tweet3Send

Related Posts

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ পুৰণি লাহৰিজানত যাত্ৰীবাহী বাছৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ জব্দ, দুই মহিলা সৰবৰাহকাৰীক আটক

by News Desk
April 1, 2026
50
ADVERTISEMENT
Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
50
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?
National-International

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

April 29, 2026
50
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

April 29, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

April 29, 2026
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx