কাৰ্বি ছাত্ৰ সন্থা (Karbi Students Union)ৰ ৫০ সংখ্যক অভিৱৰ্তনত (50th Conference) আজি মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Dr. Himanta Biswa Sarma)। কাৰ্বি আংলং জিলাৰ ডিলাই (Dilai in Karbi Anglong district) অনুষ্ঠিত হোৱা চাৰিদিনীয়া এই অভিৱৰ্তনৰ আজি অন্তিম দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। অভিৱৰ্তনত অংশগ্ৰহণ কৰি ছাত্ৰ সংগঠনটোৰ প্ৰতিষ্ঠা কালৰ কথা স্মৰণ কৰি প্ৰথমগৰাকী সভাপতি আৰু সম্পাদকৰ কথাও ভাষণত উল্লেখ কৰে।
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত তিনি দিন ধৰি মই কৰ্ণাটকত নিৰ্বাচনত ব্যস্ত আছিলো। কাৰ্বি ছাত্ৰ সন্থাৰ মৰম আৰু আদৰক মই নেওচা দিব নোৱাৰি মই এদিনৰ বাবে অসমলৈ আহিছো। কেৱল এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিবলৈ। ছাত্ৰ সমাজক একগোট হৈ সমাজৰ হকে কাম কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। দুয়োখন পাৰ্বত্য জিলাত এতিয়া বিএড কলেজ, ল’ কলেজ, চিকিৎসা মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়কে আদি কৰি বহু কেইখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন হোৱাৰ কথা উল্লেখ কৰি অসম চৰকাৰে পাৰ্বত্য জিলাত এখন ৰাজ্যিক অথবা কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰাৰ চিন্তা-চৰ্চা কৰি থকা বুলি উল্লেখ কৰে। পাহাৰীয়া জিলাত এতিয়া আন্তঃগাথঁনি উন্নত হোৱা বুলি উল্লেখ কৰি বৌদ্ধিক বিকাশৰ বাবে ছাত্ৰ সমাজক কাম কৰিবলৈ আহ্বান জনায়।
বৌদ্ধিক বিকাশ অবিহনে এটা জাতি আগুৱাই যাব নোৱাৰে বুলি উল্লেখ কৰে। আজিৰ সমাজত ছাত্ৰ সংগঠনৰ বহু কৰণীয় আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুকলি সভাত কাৰ্বি সাংস্কৃতি, গীত, নৃত্যৰ ওপৰতো বক্তব্য ৰাখে মুখ্যমন্ত্ৰী গৰাকীয়ে। আগন্তুক দিনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে বহু নতুন আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে দোহাৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়যে, অসমৰ এনআৰচিখন আসোঁৱাসপূৰ্ণ, ৰাষ্ট্ৰজুৰি এন আৰ চি হলেহে শুদ্ধ এনআৰচি লাভ কৰিব পাৰিব৷
জিলাখনৰ বিজেপি নেতা জয়ৰাম ইংলেঙৰ বিজেপি ত্যাগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, জয়ৰাম ইংলেঙে বিজেপিত থাকিলেও সক্ৰিয় নাছিল৷ বিজেপিৰ কোনো নিৰ্বাচনী সভাত অংশগ্ৰহণো কৰা নাছিল৷ সেয়ে জয়ৰাম ইংলেঙে কংগ্ৰেছলৈ গ’লেও মুখ্যমন্ত্ৰীৰ একো ক’বলগীয়া নাই৷ অথচ যিকোনো দলত থাকিলেও তেওঁৰ শুভ কামনা থাকিব বুলি কয়৷