ভক্তিৰসত বুৰ গৈছে সমগ্ৰ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং (West Karbi Anglong)। জিলাখনৰ ভিতৰতেই অতিকৈ পুৰনি ঐতিহাসিক বৈঠালাংছ’ (Baithalangso) কেন্দ্ৰীয় নামঘৰটিয়ে ইতিমধ্যে ৬৫ বছৰ অতিক্ৰম কৰিলে।
তদুপলক্ষ্যে আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুস্থিত কৰা হৈছে “বৈঠালাংছ’ কেন্দ্ৰীয় নামঘৰ” (‘Baithalangs’ Central Namghar) সোণালী জয়ন্তী উৎসৱ (Golden Jubilee Celebrations)। আজি প্ৰথম দিনাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে মাজুলী আউনীআটি সত্ৰৰ (Majuli Auniati Satra) সত্ৰাধিকাৰৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীদেৱে (Satradhikar Dr. Pitambar Devgoswami) । নামঘৰৰ নৱ নিৰ্মিত মণিকূটৰ মূল আসন ভাগ প্ৰতিষ্ঠা কৰে সত্ৰাধিকাৰগৰাকীয়ে।
এই মহা অনুষ্ঠানটিত উপস্থিত থাকে নগাঁও সংসদীয় সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈও। “নামঘৰ হৈছে অসমীয়া সমাজৰ অভিভাৱক স্বৰূপ, লোকআদালত স্বৰূপ” বুলি আখ্যা দিয়াৰ লগতে এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠাৰ বাবে নৱপ্ৰজন্মক আধ্যাত্মিক জ্ঞান দিবলৈ আহ্বান জনায় মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে।