মহাৰাষ্ট্ৰৰ ৰাজনীতি পুনৰ অস্থিৰ। এইবাৰ এনচিপিৰ সভাপতি (NCP president Resigne) পদৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ ৰাজনীতিবিদ শাৰদ পাৱাৰে (Politician Sharad Pawar)। মঙলবাৰে হঠাৎ পাৱাৰে এনচিপিৰ মুৰব্বী পদ এৰিব বুলি ঘোষণা কৰে। আগন্তুক দিনত জাতীয়তাবাদী কংগ্ৰেছ দলৰ মুৰব্বী কোন হʼব সেই সন্দৰ্ভত দলটোৱে একো ঘোষণা কৰা নাই।
অৱশ্যে এনচিপিয়ে দলৰ পৰৱৰ্তী সভাপতি নিযুক্তিৰ বাবে বিশেষ পেনেল গঠন কৰা বুলি জনা গৈছে। দলটোৰ বিদ্ৰোহী নেতা অজিত পাৱাৰকো উক্ত পেনেলত ৰখা হৈছে। দেশৰ অন্যতম বিৰোধী নেতা হিচাপে পৰিচিত পাৱাৰ। কংগ্ৰেছ, শিৱসেনা আৰু এনচিপিৰ সৈতে মহাৰাষ্ট্ৰত মহা বিকাশ আঘাৰীৰ চৰকাৰ গঠনত পাৱাৰৰ যথেষ্ট ভূমিকা আছিল।
মুম্বাইত তেওঁৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এই কথা ঘোষণা কৰে মহাৰাষ্ট্ৰৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী পাৱাৰে। তেতিয়া ভতিজাক অজিত পাৱাৰ কাষত আছিল। পাৱাৰৰ এই ঘোষণাৰ পিছতে এনচিপি সমৰ্থকে প্ৰতিবাদ আৰম্ভ কৰে। বহুতে কান্দি থকাও দেখা যায়। কৰ্মীসকলে পাৱাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। কিন্তু তেওঁ অটল আছিল। তেওঁ পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলিও কয়। কিন্তু পাৱাৰে এতিয়াও ৰাজনীতিৰ পৰা বিদায় লোৱা নাই।
তেওঁ কয়, “ৰাজ্যসভাত মোৰ কাৰ্যকাল এতিয়াও তিনি বছৰ বাকী আছে। ইয়াৰ পিছত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো। এই তিনি বছৰত মই দেশ আৰু ৰাজ্যৰ হকে অধিক কাম কৰিম। মই কোনো নতুন দায়িত্ব লʼব নিবিচাৰো।” সমৰ্থকসকলক কয়, “মই আপোনালোকৰ লগত থাকিম।” এনচিপিৰ সভাপতি নিৰ্বাচনী পেনেলৰ সদস্য প্ৰফুল্ল পেটেলে কয় যে পদত্যাগ কৰাৰ সিদ্ধান্ত আগতে কোনেও নাজানে।