বিজেপি-কংগ্রেছৰ ইটোৰ বিৰুদ্ধে সিটো দলৰ অভিযোগ-প্ৰতি অভিযোগ তথা কটাক্ষ চলি আছে । সন্মুখত কর্ণাটকৰ নিৰ্বাচন । তাৰ পূৰ্বে নিজৰ নিজৰ ক্ষোভ প্রকাশ কৰিছে দুয়োটা দলে । ইয়াৰ মাজতেই মোডী (Modi) মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেওঁৰ ভাতৃক চাবলৈ কয় প্রিয়ঙ্কা গান্ধীয়ে (Priyanka Gandhi) ।
দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে কর্ণাটকতেই কৈছে, কংগ্রেছে তেওঁক ৯১ বাৰ গালি-গালাজ কৰিছে । তেওঁৰ উক্ত মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে প্রিয়ঙ্কা গান্ধীয়ে । এক নির্বাচনী সভাত প্রিয়ঙ্কাই কয়, তেওঁ প্রথমবাৰ কোনো প্রধানমন্ত্রীক দেখিছে, যিয়ে জনসাধাৰণৰ মাজত তেওঁ নির্যাতিত হোৱা বুলি কান্দিছে । অন্যৰ দুখৰ কথা শুনাৰ পৰিৱর্তে নিজৰ দুখৰ কথা শুনাইছে।