![]()
কৰ্ণাটকৰ বিজেপিৰ বিধায়ক (BJP MLAs from Karnataka) তথা প্ৰাক্তন মন্ত্ৰী বসন গৌড়া পাটিল য়াতমলে (Bachan Gowda Patil Yatmal) কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী (Sonia Gandhi)ক ‘বিষকন্যা’ আৰু ‘পাকিস্তান আৰু চীনৰ গুপ্তচৰ’ বুলি অভিহিত কৰিছে! বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেওঁৰ এই বিতৰ্কিত মন্তব্যক লৈ ইতিমধ্যে কৰ্ণাটকৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছে।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে বৃহস্পতিবাৰে কালবুৰ্গীত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিষাক্ত সাপৰ সৈতে তুলনা কৰে। পিছত অৱশ্যে খৰ্গেয়ে এই মন্তব্যৰ বাবে ক্ষমা বিচাৰে। নিজৰ বক্তব্যটো অলপ ঘূৰাই দি খৰ্গেয়ে কয় যে মোডী নহয়, বিজেপি বিষাক্ত সাপৰ দৰে। স্পৰ্শ কৰিলেই মৃত্যু নিশ্চিত !
খৰ্গেৰ মন্তব্য সন্দৰ্ভত শুকুৰবাৰে কোপ্পালত অনুষ্ঠিত এখন ৰাজহুৱা সভাত পাটিলে ছোনিয়াক লক্ষ্য কৰি লয়। তেওঁ কয়, “নৰেন্দ্ৰ মোডীক সমগ্ৰ বিশ্বই সন্মান কৰে। আমেৰিকাই ৰেড কাৰ্পেট পাৰি আদৰণি জনালে। আৰু কংগ্ৰেছে তেওঁক বিষাক্ত সাপৰ লগত তুলনা কৰে! ছোনিয়া গান্ধীৰ নিৰ্দেশত কংগ্ৰেছ নেতাসকলে এই কথা কৈছে। তেওঁ বিষকন্যা। পাকিস্তান আৰু চীনৰ এজেণ্ট, যিয়ে ভাৰত ধ্বংস কৰিব বিচাৰে।”
শুকুৰবাৰে কৰ্ণাটকৰ কংগ্ৰেছে পাটিলক শীঘ্ৰে দলৰ পৰা বহিষ্কাৰ কৰিবলৈ বিজেপিক দাবী জনায়। উল্লেখযোগ্য যে ২০১৮ চনত ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই মোডীয়ে ছোনিয়াক ‘কংগ্ৰেছৰ বিধৱা’ বুলি অভিহিত কৰিছিল। সেই সময়ত বিষয়টোক লৈ এক বৃহৎ বিতৰ্ক হৈছিল।











