ASSAM TIMES POST
ৰঙাপাৰঃ আজি সংবিধান দিৱস। শোণিতপুৰ জিলাৰ ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সংবিধান দিৱস উপলক্ষে শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণ উদ্যগত এখনি সভা অনুষ্ঠিত কৰা হয়।
দিনৰ ২ বজাত অনুষ্ঠিত হোৱা সভাত বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী লগতে জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব আচমা ৰেহমান, জিলা আইন সেৱা প্ৰাধিকৰণৰ মুখ্য সমন্বয়ক চাজিদুল ৰহমান, জিলা আইন সেৱা প্ৰাধিকৰণৰ অধিবক্তা নয়নমণি গোস্বামীয়ে,অসম ৰাজ্যিক আইন সেৱা প্ৰাধীকৰনৰ প্ৰকল্প সম্বনয়ক অঞ্জল কুমাৰ দত্ত, প্ৰকল্প সহায়িকা দিপশিখা শৰ্মা, ৰঙাপৰা অৰ্ধ আইনী স্বেচ্ছাসেৱক তথা সাংবাদিক ছাহজাহান ছেলিম কুৰেছি আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৃপেন ডেকাই অংশগ্ৰহণ কৰে।
বিদ্যালয়খনৰ শিক্ষক ভবেন্দ্ৰ গোস্বামী আৰু নন্দেশ্বৰ ভৰালী সহযোগত ছাত্ৰ-ছাত্ৰী সকলে সমবেত সংগীত পৰিবেশন কৰে। সভাত অসম ৰাজ্যিক আইন সেৱা প্ৰাধীকৰনৰ প্ৰকল্প সম্বনয়ক অঞ্জল কুমাৰ দত্তই সকলোকে সংবিধান প্ৰস্থাৱনা পাঠ কৰোৱাই। ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন গোস্বামীয়ে আঁত ধৰি কয় যে ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ, মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে।
১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধানখন Constituent Assembly of India ই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে। ভাৰতৰ সংবিধানখন ১৯৪৯ চনৰ ২৬ নম্বৱেৰত গ্ৰহণ কৰাৰ দুমাহৰ পিছত ১৯৫০ চনৰ ২৬ জানুৱাৰিৰ পৰা ইয়াক কাৰ্য্যকৰী কৰা হয়। আৰু ২০১৫ চনৰ আজিৰ তাৰিখতে এই দিনটোক সংবিধান দিৱস বা constitution day হিচাপে পালন কৰাৰ সংকল্পৰ কথা ঘোষণা কৰিছিল দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব আচমা ৰেহমানে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যে কয় যে দেশৰ সংবিধান উলংঘন কোনেও কৰিব নোৱাৰে। সংবিধানৰ আওতাত থাকিয়েই আইন প্ৰণয়ন হয় লগতে সংবিধানৰ মৌলিক অধিকাৰ ওপৰত তেওঁ সুন্দৰ বাখ্যা দাঙি ধৰে। সভাত উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকৰণৰ মুখ্য সমন্বয়ক চাজিদুৰ ৰহমানে স্বামী বিবেকানন্দৰ জীৱনৰ ওপৰত আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীসকলক Art of Giving শিকিবলৈ উৎসাহিত কৰে। লগতে সংবিধানৰ মৌলিক অধিকাৰৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনা কৰিবলৈ শিক্ষা গুৰুসকলক অনুৰোধ জনায়। জিলা আইন সেৱা প্ৰাধিকৰণৰ অধিবক্তা নয়নমণি গোস্বামীয়ে শিশু সুৰক্ষা আইনৰ(পছকো) ওপৰত বাখ্যা দাঙি ধৰে।