কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত বাজেট ভাষণত এই কথা ঘোষণা কৰে। এই ঘোষণাৰ পিছতে নতুন বিত্তীয় বৰ্ষৰ পৰা মহিলাসকলৰ বাবে এক বিশেষ জমা আঁচনি আৰম্ভ কৰা হৈছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ (Mahila Samman Saving Certificate) আঁচনি মুকলি কৰাৰ সন্দৰ্ভত গেজেট অধিসূচনা জাৰি কৰাৰ পিছতে মহিলাসকলৰ বাবে হ্ৰস্বম্যাদী জমা ধনৰ কেন্দ্ৰীয় কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰকল্পৰ জৰিয়তে দেশৰ ১ লাখৰো অধিক ডাকঘৰত (More than 1 lakh post offices) ধন বিনিয়োগ সেৱা আৰম্ভ কৰা হৈছে বুলি জনোৱা হৈছে।
বিত্ত মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি, ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ আঁচনিত জমা কৰা মহিলাসকলে জমা ধনৰ ওপৰত ২ বছৰৰ (2years) বাবে ৭.৫ শতাংশ সুত (7.5% interest) লাভ কৰিব। এই আঁচনিখনত কেৱল মহিলাসকলেহে একাউণ্ট খুলিব পাৰিব। অৱশ্যে নাবালিকা কন্যাৰ নামত অভিভাৱকেও এই একাউণ্টটো খুলিব পাৰে। সৰ্বাধিক ২ লাখ টকা (2 lakhs) বিনিয়োগ কৰিব পাৰিব। লগতে ম্যাদ উকলি যোৱাৰ আগতে আংশিক জমা ধন উলিয়াব পাৰিব। ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ আঁচনিৰ অধীনত এগৰাকী মহিলা বা নাবালিকা কন্যাৰ নামত ২০২৫ চনৰ ৩১ মাৰ্চলৈকে একাউণ্ট খুলিব পাৰিব।
চৰকাৰী সূত্ৰ অনুসৰি, ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ৰ আঁচনিখনে ডাকঘৰত সৰু সৰু সঞ্চয় ধন জমা কৰা মহিলা গ্ৰাহকক উপকৃত কৰিব। এই প্ৰকল্পই ডাকঘৰৰ জৰিয়তে অধিক বিনিয়োগ আকৰ্ষণ কৰিব। নৰেন্দ্ৰ মোডী চৰকাৰৰ ঘোষণা, এই পদক্ষেপৰ লক্ষ্য হৈছে মহিলাসকলৰ আৰ্থিক সবলীকৰণ। কিন্তু ‘মহিলা সন্মান সঞ্চয়ৰ প্ৰমাণ-পত্ৰ’ আঁচনিৰ বিনিয়োগৰ সময়সীমা আগন্তুক ২ বছৰলৈহে সীমিত কৰাৰ বাবেই প্ৰশ্নৰ উত্থাপিত হৈছে। বিৰোধীৰ এটা অংশই অভিযোগ কৰে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনক এই প্ৰকল্পটো “লক্ষ্য” হিচাপে লৈ আৰম্ভ কৰা হৈছে।