![]()
খঙত অগ্নিশর্মা হৈ বন্ধুৰ লিংগ কাটি পেলোৱাৰ অভিযোগ যুৱকৰ বিৰুদ্ধে (Friend Kills Friend)। অভিযোগ অনুসৰি, মদ্যপান কৰি দুই বন্ধুৰ মাজত কাজিয়া হয়। তাৰ বাবেই অভিযুক্তই নিজৰ বন্ধুক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। বৰ্তমান আৰক্ষী তেওঁৰ সন্ধানত আছে।

ওড়িশাৰ (Odisha) কেন্দ্ৰপাৰা (Kendrapar) জিলাৰ ৰাজনগৰ থানা এলেকাত সংঘটিত হৈছে এই ঘটনা। যুৱক দুজনে সাগৰৰ পাৰত ফুৰিবলৈ গৈছিল। ৩০ বছৰীয়া ভাগৱত দাস আৰু ৩২ বছৰীয়া অক্ষয় ৰাৱত। তাত মদ্যপান কৰি থাকোঁতে এটা বিশেষ বিষয়ক লৈ তেওঁলোকৰ মাজত মতানৈক্য হয়। তৰ্ক ক্ৰমান্বয়ে গৈ কাজিয়াত পৰিণত হয়। ইয়াৰ পিছতে অক্ষয়ে ভাগৱতক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ অভিযোগ।
অস্ত্ৰৰে ভাগৱতৰ লিংগ কাটি পেলোৱা হৈছিল। ইয়াৰ পিছতে অঞ্চলটোৰ পৰা অক্ষয়ে পলায়ন কৰে। আৰক্ষীৰ মতে, যুৱক দুজনে এখন অটো ভাড়া কৰি সাগৰৰ পাৰলৈ গৈছিল। সেই অটোখনৰ চালকজনক সোধাপোছাৰ বাবে আটক কৰা হৈছে। ঘটনাস্থলীৰ পৰাই ভাগৱতক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
তাত যেতিয়া তেওঁৰ অৱস্থা বেয়া হয়, তেতিয়া চিকিৎসকে তেওঁক কটকৰ এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰে।মূল অভিযুক্ত অক্ষয়ক এতিয়াও ধৰিব পৰা নাই। আৰক্ষীয়ে তেওঁৰ সন্ধান অব্যাহত ৰাখিছে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৭ ধাৰাত হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে।











