
আজি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য (CEM) ডঃ তুলিৰাম ৰংহাঙৰ (Tuliram Ronghang) নেতৃত্বত যোৱা পৰিষদৰ সঁজাতী দল এটাই নতুন দিল্লী (Delhi)ত সাংসদৰ অধিৱেশন চলি থকা সময়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ক সাক্ষাৎ কৰি ডিমা হাচাও জিলাৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী ২৪৪ (ক) অনুচ্ছেদৰ অধীনত এখন স্বায়ত্তশাসিত ৰাইজৰ দাবী (demand of the autonomous) বিষয়টো ক্ষীপ্ৰ ৰূপায়ণৰ দাবীত এখন স্মাৰক-পত্ৰ প্ৰদান (Submitting memorandums) কৰে।

ইয়াৰ উপৰি আলোচনা কালত বড়ো চুক্তিৰ অষ্টম দফাত উল্লেখিত কাৰ্বি আংলঙত বসবাস কৰা বঢড়ো জনগোষ্ঠীক পাৰ্বত্য অনুসূচীত জনজাতি মৰ্যদা প্ৰদান সন্দৰ্ভত তীব্ৰ বিৰোধিতা কৰা হয়। উল্লেখযোগ্য যে যোৱা ২৩ মাৰ্চত স্বায়ত্বশাসিত ৰাজ্য দাবী সংগঠন কাঞ্চাচডিকমৰ নেতৃত্বত যোৱা তিনি শতাধিক কৰ্মী সমৰ্থকে নতুন দিল্লীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি দেশৰ ৰাজধানী উত্তাল কৰি তুলিছিল।
ইয়াৰ উপৰি পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশন, ২০তো যোৱা স্বায়ত্বশাসিত ৰাজ্য গঠনৰ সমৰ্থনত হাওৰাঘাটৰ বিধায়ক দয়ছিং ৰংহাঙেও ভাষণ প্ৰদান কৰে। আজিৰ স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপৰি উপস্থিত থাকে ক্ৰমে সাংসদ হৰেণছিং বে’কে আদি কৰি বহু কেইবাগৰাকী কাৰ্যবাহী সদস্য, এমএচি তথা বিজেপি দলৰ নেতা।