ASSAM TIMES POST
গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে আজিৰ দিনটোত কামৰূপ মহানগৰ জিলাতো সংবিদান দিৱস পালন কৰা হয়। এই উপলক্ষে আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে।
সভাত জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মাই ভাৰতীয় সংবিধানৰ বিষেয় চমুকৈ আলোকপাত কৰাৰ লগতে সংবিধান দিৱসৰ তাৎপৰ্য তথা উদ্দেশ্যৰ বিষেয় ব্যাখ্যা কৰে।
সভাত উপস্থিত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত সকলৰ লগতে অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলে আইনৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰি নিজৰ ওপৰত ন্যস্ত দ্বায়িত্ব সততে পালন কৰি যাব বুলি শপত লয়। বিষয়া-কৰ্মচাৰীসকলক জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শৰ্মাই সংবিধান দিৱসৰ শপত বাক্য পাঠ কৰায়।