![]()
ভাৰতীয় ক্রিকেটাৰসকলৰ বাবে বার্ষিক চুক্তি ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট বোর্ডে (Indian Cricket Board)। বিচিচিআইয়ে (BCCI) দেওবাৰে জনাইছে যে ক্রিকেটাৰসকলক চাৰিটা ভাগত ভগোৱা হৈছে। ৰোহিত শর্মা আৰু বিৰাট কোহলি আছে সৰ্বাধিক ধন লাভ কৰাৰ তালিকাত। তাত এই দুই ক্রিকেটাৰৰ উপৰি আছে ৰবীন্দ্র জাডেজা আৰু যশপ্রীত বুমৰাহ । এই চাৰিজন ক্রিকেটাৰে সকলে ধৰণৰ ক্রিকেটেই খেলে। হার্দিক পাণ্ডিয়া আছে পৰৱৰ্তী ভাগত।

বিচিচিআইয়ে কৰা চাৰিটা ভাগ হৈছে, ‘এ+’, ‘এ’, ‘বি’ আৰু ‘চি’। ‘এ+’ শ্ৰেণীত আছে অধিনায়ক ৰোহিত, বিৰাট, জাডেজা আৰু বুমৰাহ। এই চাৰি ক্রিকেটাৰে বছৰত সাত কোটি টকা পাব। ‘এ’ শ্ৰেণীত আছে হার্দিক। তেওঁ বগা বলৰ ক্রিকেটেই মাত্ৰ খেলিছে। আগন্তুক দিনত ৰঙা বলৰ ক্রিকেটত তেওঁক দেখা যাবনে নাই সেইটো স্পষ্ট নহয়। ৰোহিতৰ অবর্তমানত ভাৰতীয় দলক বগা বলৰ ক্রিকেটত নেতৃত্ব দিয়া হার্দিকৰ উপৰি এই শ্ৰেণীত আছে ৰবিচন্দ্রন অশ্বিন, মহম্মদ ছামি, ঋষভ পণ্ট আৰু অক্ষৰ পেটেল। এই ক্রিকেটাৰসকলে বছৰত পাঁচ কোটি টকাকৈ পাব।
বছৰত ৩ কোটি টকাকৈ পাব চেতেশ্বৰ পূজাৰা, লোকেশ ৰাহুল, শ্রেয়স আয়াৰ, মহম্মদ চিৰাজ, সূর্যকুমাৰ যাদৱ আৰু শুভমন গিলে। তেওঁলোক আছে বি শ্ৰেণীত৷ ‘চি’ শ্ৰেণীত আছে ১১ জন ক্রিকেটাৰ। তাত আছে শিখৰ ধাৱান, উমেশ যাদৱ, শার্দূল ঠাকুৰ, ঈশান কিষণ, দীপক হুডা, যুজবেন্দ্র চহাল, কুলদীপ যাদৱ, ওৱাশ্বিংটন সুন্দৰ, সঞ্জু চেমচন, অৰ্শদীপ সিং আৰু শ্রীকৰ ভৰত।









