![]()
স্বামীক সহায় কৰিবলৈ কাম কৰাৰ সিদ্ধান্ত লয় পত্নীয়ে। কিন্তু ঘৰৰ বোৱাৰীয়ে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰাৰ লগতে চাকৰিৰ আবেদনো দাখিল কৰা বুলি শহুৰেকৰ কাণত পৰে। অভিযোগ অনুসৰি, সেই ‘অপৰাধʼতে শহুৰেকে বোৱাৰীয়েক (Doughter in law)ক ৰাজহুৱা পথত ইটা (brick)ৰে একেৰাহে আঘাত (Injury) কৰাৰ ফলত মূৰ ফাটি যায়। দিল্লীৰ প্ৰেমনগৰ (Premnagar area) অঞ্চলত সংঘটিত হয় এই ঘটনা।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মহিলাগৰাকীৰ নাম কাজল (Kajal)। অভাৱৰ বাবে পৰিয়ালত স্বামীক আৰ্থিকভাৱে সহযোগ কৰিবলৈ চাকৰি বিচাৰিবলৈ ধৰে। কাজলে বিভিন্ন স্থানত চাকৰিৰ বাবে আবেদনো কৰিছিল। স্বামী প্ৰবীণ কুমাৰৰো এই ক্ষেত্ৰত কোনো আপত্তি নাছিল। কিন্তু শহুৰেকে ঘৰৰ বোৱাৰীয়ে চাকৰি (Job)কৰিব বুলি গম পোৱাৰ পিছত তেওঁ খঙত জ্বলি উঠে।

যোৱা মঙলবাৰে কাজলে সাক্ষাৎকাৰ দিয়াৰ কথা আছিল। সাক্ষাৎকাৰৰ বাবে তেওঁ প্ৰস্তুতি চলাই আছিল। কিন্তু ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁতে শহুৰেকে বাটত বাধা দিয়ে। হাতত আছিল ইটা এটা। কাজলে শহুৰেকক কিয় বাট বন্ধ কৰিছে বুলি প্ৰশ্ন কৰাত দুয়োৰে মাজত তৰ্কা-তৰ্কি হয়। ইয়াৰ পিছত কাজলে কাষেৰে পাৰ হʼবলৈ চেষ্টা কৰাৰ সময়ত শহুৰেকে হাতত থকা ইটা (Brick)ৰে মূৰত আঘাত কৰে বুলি অভিযোগ।
আৰক্ষীৰ মতে, শহুৰেকৰ আক্ৰমণত কাজলে পলাবলৈ চেষ্টা কৰে। কিন্তু শহুৰেকে তেওঁক অনুসৰণ কৰে। স্থানীয় বাসিন্দাই তেওঁক বাধা দি কাজলক উদ্ধাৰ কৰে। ইয়াৰ পিছত প্ৰবীণে পত্নীক চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, কাজলৰ মূৰত ১৭টা চিলাই (17 stitches) পৰিছে।
এই খবৰ হাৰিয়ানাৰ ফৰিদাবাদৰ কাজলৰ পিতৃৰ ঘৰ গৈ পায়। কাজলৰ পিতৃ-মাতৃয়ে জীয়ৰীৰৰ শহুৰেকৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ দাখিল কৰে।












