কাম শেষ কৰি নিশা ইটাভাতাত শুই পৰে কেইবাজনো শ্ৰমিক (Labour)। বুধবাৰে পুৱা তাৰে ৫টা মৃতদেহ উদ্ধাৰ কৰা হয়। ছত্তীশগড়ৰ (Chhattisgarh) মহাচামুন্দা (Mahasamund) জিলাত সংঘটিত হয় এই ঘটনা।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, ইটা জ্বলোৱাৰ সময়ত ধোঁৱাৰ ফলত শ্ৰমিকৰ মৃত্যু হয়নে নহয় সেয়া স্পষ্ট হোৱা নাই। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ৰিপোৰ্ট পোৱাৰ লগে লগে মৃত্যুৰ কাৰণ স্পষ্ট হʼব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে ইটাভাতাটো অবৈধভাৱে চলাই আছে। মালিকক বিচাৰি তাত থকা কোনো ৰাসায়নিক গেছৰ বাবেই এই মৃত্যু হৈছে নেকি সেই কথা জানিবলৈ তদন্ত অব্যাহত আছে। আৰু ইয়াৰ আঁৰত আন কিবা কাৰণ আছে নেকি সেই বিষয়েও তদন্ত চলি আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, মৃত্যু হোৱা ৫ শ্ৰমিকৰ আটাইকেইজনেই গড়ফুলাঝাৰৰ বাসিন্দা।
মহাচামুন্দা জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ চাবাইয়ে কয়, “মঙলবাৰে নিশা ইটা জ্বলাই থাকোঁতে ৬ জন শ্ৰমিক টোপনি যায়। বুধবাৰে পুৱা অচেতন অৱস্থাত উদ্ধাৰ কৰে তেওঁলোকক। ইয়াৰে পাঁচজনৰ মৃত্যু হয়। এজন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। প্ৰথম অৱস্থাত কাৰ্বন মনোক্সাইড গেছৰ ফলত তেওঁলোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হয়।”