ছেবা (SEBA)ৰ মেট্ৰিক পৰীক্ষা (Matriculation Examination)ৰ প্ৰশ্নকাকত ফাদিল (Papers Leak)ৰ ঘটনাৰ প্ৰতিবাদৰ জুইত দহিছে এতিয়া সমগ্ৰ ৰাজ্য। গণিত বিষয়ৰ প্ৰশ্নকাকতৰ পিছত সোমবাৰে ফাদিল হয় সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত। যাৰ বাবে স্থগিত ৰাখিবলগা হয় পৰীক্ষা। তাৰ পিছতে সমগ্ৰ অসমজুৰি প্ৰতিবাদৰ জোৱাৰ উঠে। অসম চৰকাৰ, শিক্ষা বিভাগ, শিক্ষা মন্ত্ৰী তথা ছেবাৰ বিৰুদ্ধে গৰজি উঠে ৰাজ্যৰ বিভিন্ন দল-সংগঠন।
মঙলবাৰেও ৰাজ্যজুৰি অব্যাহত আছে এই প্ৰতিবাদ। তাৰ মাজতে আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এক টুইটযোগে প্ৰকাশ কৰিছে প্ৰশ্নকাকত ফাদিলৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জন লোকক আটক কৰাৰ কথা। গুৱাহাটী, উত্তৰ লখিমপুৰ, ধেমাজি, শদিয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা আটক কৰা হৈছে এই ২২ জন অভিযুক্ত (22 accused)ক।
উল্লেখ্য, সোমবাৰে নিশা গুৱাহাটীৰ ভাউৰী দেৱী চেৰাওগী মূকবধিৰ বিদ্যালয়ৰ দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে এজন কৰ্মচাৰীক আটক কৰি সোধা-পোছা কৰাৰ অন্তত চি আই ডি (CID)য়ে গ্ৰেপ্তাৰ কৰে। আনহাতে, ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমী (Saltbrook Academy, Dibrugarh)ৰ ৭ জন ছাত্ৰক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে।