মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল (HSLC exam question paper leaked)ৰ পিছতেই এতিয়া ৰাজ্যজুৰি চলিছে প্ৰতিবাদ (Protest)। ছেবা (SEBA) তথা অসমৰ শিক্ষা বিভাগ (Education Department of Assam)ৰ বিৰুদ্ধে ঠায়ে ঠায়ে প্ৰতিবাদ আৰম্ভ কৰা জনতাই শিক্ষামন্ত্ৰী (Education Minister) ডাঃ ৰণোজ পেগুকো পদত্যাগ (Resignation) কৰিবলৈ দিছে।
ৰাজ্যত চলি থকা এই প্ৰতিবাদৰ মাজতেই চিআইডি (CID)য়ে নিজ তদন্ত আৰম্ভ কৰিছে আৰু সন্দেহৰ ভিত্তিত গুৱাহাটীৰ কাহিলিপাৰা (Kahilipara)স্থিত ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয়ৰ শিক্ষক তথা কৰ্মচাৰী ক্ৰমে জ্যোতিৰেখা বৰগোঁহাই, হেৰম্ব কুমাৰ দাস আৰু বিন্দেশ্বৰ তিমুঙক জেৰা (Interrogation) অব্যাহত ৰাখিছে।
উক্ত বিদ্যালয়খনৰ পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকতৰ টোপোলা হেৰাইছিল। সেই টোপোলা ক’ত কেনেকৈ হেৰাইছিল সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে।
উল্লেখ্য যে, ১৩ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ছেবাই মাজনিশা মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা বাতিল কৰিছিল। তাৰ পিছত আৰম্ভ হোৱা প্ৰতিবাদৰ মাজতেই প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে অসম আৰক্ষীৰ ওচৰত এক গোচৰ দাখিল কৰিছিল যদিও সেই গোচৰ চি আই ডিলৈ হস্তান্তৰ কৰা হৈছে।
চি আই ডিত ৰুজু কৰা ৩/২৩ গোচৰৰ ভিত্তিতে আৰম্ভ হৈছে তদন্ত। প্ৰাৰম্ভিকতে ভাউৰী দেৱী ছাৰাউগী মুকবধিৰ বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা পৰীক্ষাৰ পূৰ্বে কেনেকৈ এটা প্ৰশ্ন কাকতৰ টোপোলা হেৰাইছিল আৰু প্ৰশ্ন কাকত ফাদিল হোৱাৰ আঁৰত এই হেৰুওৱা প্ৰশ্ন কাকতৰ টোপোলাৰ কিবা সংযোগ আছে নেকি সেই সন্দৰ্ভত চলাই থকা হৈছে তদন্ত।
এই তদন্তৰ আওঁতালৈ ছেবাৰ বিষয়া, কৰ্মচাৰীও অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে চি আই ডিয়ে ছেবাৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰক জিমলি কাকতি শইকীয়া আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাক তলব কৰিছে। দুয়োজন বিষয়া গৈ চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছে। তেওঁলোক দুজনকো চি আই ডিয়ে জেৰা চলোৱাৰ সম্ভাৱনা আছে।