ছিলিকন ভেলী বেংক দেউলীয়া (Bank Bankrupt) হোৱাৰ পিছত আন এটা জনপ্ৰিয় আমেৰিকান বেংকেও (American Bank) একে পথেই লʼবলৈ বাধ্য হʼল। দেওবাৰে বন্ধ হৈ গʼল চিগনেচাৰ বেংক (Signature Bank)। চৰকাৰে বেংকটোৰ সকলো ধন আৰু নথি-পত্ৰ ছিলিকনৰ দৰে অধিগ্ৰহণ কৰে।
গ্ৰাহকৰ মাজত জনপ্ৰিয় আছিল নিউয়ৰ্কৰ চিগনেচাৰ বেংক। বহুতে নিজৰ সঞ্চয় এই বেংকতে ৰাখিছিল। কিন্তু শেহতীয়াকৈ বেংকৰ অগ্ৰগতি স্থবিৰ হৈ পৰিল। আমেৰিকা প্ৰশাসনে অৱশ্যে গ্ৰাহকক আশ্বস্ত কৰিছে। সোমবাৰৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰিব পাৰিব বুলি জনোৱা হৈছে। ইয়াৰ সমান্তৰালকৈ প্ৰশাসনে দেশৰ অন্যান্য প্ৰতিষ্ঠানসমূহক আগুৱাই আহি বেংকিং ব্যৱস্থাটো কাৰ্যক্ষম কৰি ৰখাত সহায় কৰিবলৈ আহ্বান জনাইছে।
বেংকৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অতিৰিক্ত ধনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে (Federal Reserve of america)। আমেৰিকাৰ ট্ৰেজাৰী ফেডাৰেল ডিপোজিট বীমা কৰ্পোৰেচনৰ সৈতে এক যৌথ বিবৃতিত তেওঁলোকে কয়, “আমি আমেৰিকাৰ অৰ্থনীতি সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছো। আমাৰ বেংকিং ব্যৱস্থাত গ্ৰাহকৰ আস্থা ঘূৰাই অনাৰ কাম আৰম্ভ হৈছে।”
উল্লেখ্য, শুকুৰবাৰে চিগনেচাৰ বেংকৰ পূৰ্বে বন্ধ হৈ পৰে ছিলিকন ভেলী বেংক। চৰকাৰে বেংকটোৰ নথি-পত্ৰও অধিগ্ৰহণ কৰে। ২০০৮ চনৰ বিশ্ব বিত্তীয় সংকটৰ পিছত খুচুৰা বেংকিং ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ বিফলতা বুলি কোৱা হৈছে।
টেক ষ্টাৰ্টআপত বিনিয়োগ কৰি কম সময়ৰ ভিতৰতে ছিলিকন ভেলী বেংকে বৃহৎ পৰিমাণৰ সঞ্চয় কৰে। এই বেংক কৰ্তৃপক্ষই আমেৰিকাৰ বণ্ডত বিনিয়োগ কৰিছিল। কিন্তু ফেডাৰেল ৰিজাৰ্ভে যোৱা বছৰ মুদ্ৰাস্ফীতি ৰোধৰ বাবে সুতৰ হাৰ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰাৰ ফলত বণ্ডৰ মূল্য হ্ৰাস পাইছিল। কৰোনা মহামাৰীৰ পাছত ষ্টাৰ্টআপসমূহো ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। গ্ৰাহকে তেওঁলোকৰ সঞ্চয় বেংকৰ পৰা উলিয়ায়। বেংক কৰ্তৃপক্ষই নিজৰ শ্বেয়াৰ বিক্ৰী কৰি গ্ৰাহকক ধন যোগান ধৰিবলগা হয়। ফলত বেংকৰ বেলেন্স শ্বীটত অতি সোনকালেই টান পৰে। কিছুদিন পূৰ্বে ছিলিকন ভেলী বেংকে দেখুওৱা পৰিসংখ্যাত কোৱা হৈছে যে যোৱা কেইদিনমানত বেংকটোৱে প্ৰায় ২ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছে। ফলত বেংকৰ দুৰ্যোগ প্ৰায় নিশ্চিত হৈ পৰিল। ছিগনেচাৰ বেংকৰ ক্ষেত্ৰতো একেই পৰিণতি হ’ল।