কাঠমিস্ত্ৰীৰ শব্দ শুনি তেওঁ ডাঙৰ হৈছিল। সেই সংগীত পৰিচালকগৰাকী আজি অস্কাৰৰ (Oscar) মঞ্চত। শ্ৰেষ্ঠ মৌলিক গীতৰ অস্কাৰ বঁটা লাভ কৰে এম এম কীৰাৱণীয়ে (M M Kirmani)। ‘আৰ আৰ আৰ’ (RRR) ছবিৰ ‘নাতু নাতু’ (Natu Natu) গীতটোৱে তেলেগু ছবিৰ ইতিহাসত এক নজিৰ গঢ়ি তুলি অস্কাৰ লাভ কৰে।
ইয়াৰ পূৰ্বে ‘নাতু নাতু’ৱে ‘গ’ল্ডেন গ্লোব’ (Golden Globe) আৰু ‘ক্ৰিটিক্স চয়ছ এৱাৰ্ড’ (Critic Choice Award) লাভ কৰি আগবাঢ়ি আছিল। ৰিয়ানা (Riyana), লেডী গাগাৰ (Lady Gaga) দৰে উচ্চ স্থানৰ পপ তাৰকাসকলক একাধিক বঁটা প্ৰদান অনুষ্ঠানত পৰাস্ত কৰিছে। ‘টেল ইট লাইক এ উইমেন’ ছবিখনৰ ‘এপলেজ’ গীতটোও মনোনয়ন তালিকাত আছিল। ভাৰতীয় অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক এখন সংকলন ছবি ‘টেল ইট লাইক এ উইমেন’ত দেখা গৈছিল। চন্দ্ৰ বসু (Chandra Basu) আৰু এম এম কীৰাৱনীৰ (M M Kirmani) সৃষ্টিয়ে সেই সকলোবোৰ গীতক পৰাস্ত কৰি চূড়ান্ত দৌৰত বিজয় কাঢ়ি লয়।
২০২২ চনত এছ এছ ৰাজামৌলিৰ (S S Rajamouli) ছবি ‘আৰ আৰ আৰ’ ছবিগৃহত মুক্তিলাভ কৰে। তেতিয়াৰ পৰাই এই তেলেগু ছবিখন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে। দেশৰ সীমা অতিক্ৰম কৰি বিদেশৰ বক্স অফিচতো দৰ্শকৰ প্ৰশংসা সংগ্ৰহ কৰিছে। সমালোচকসকলেও ইয়াক স্বীকৃতি দিছে। কেৱল ছবিখনেই নহয়, ছবিখনৰ ওপৰত জনপ্ৰিয় হৈ পৰিছে ‘নাতু নাতু’ গীতটো।
ষ্টিভেন স্পিলবাৰ্গ (Steven Spielberg) আৰু জেমছ কেমেৰনৰ (James Cameron) দৰে হলিউডৰ (Hollywood) কিংবদন্তি পৰিচালকে ৰাহুল ছিপলিগঞ্জ (Rahul Sipligunj) আৰু কলা ভৈৰৱে গোৱা গীতক প্ৰশংসা কৰিছে। সোমবাৰে পুৱাই প্ৰমাণ কৰে যে এই বিশাল প্ৰশংসা অকাৰণ নহয়। “নাতু নাতুৱে” সকলোকে পৰাস্ত কৰি অস্কাৰ লাভ কৰে। দেশবাসীৰো বুকু আশাৰে ভৰি আছিল। টিম ‘আৰ আৰ আৰ’ৰ লগতে তেওঁলোকৰো সপোন বাস্তৱায়িত হʼল।