বোকাখাত (Bokakhat)ৰ খতিয়াখলি (Khatiakhali)ৰ কবিৰাজ তৰুণ বৰাই (Kaviraj Tarun Bora) কৰ্কট ৰোগৰ চিকিৎসা (Cancer Treatment) কৰি কমেও ৬০ গৰাকী ৰোগীক আৰোগ্য (Healing the patient) কৰা বুলি জানিবলৈ দিছে। তিনিমাহৰ ঔষধ সেৱন কৰিলে সম্পূৰ্ণ নিৰাময় হয় কৰ্কট ৰোগ। বনৌষধিৰ দ্বাৰা কৰ্কট ৰোগ ভাল হোৱাৰ বিভিন্ন চৰ্চা চলি থকাৰ সময়ত কবিৰাজ তৰুণ বৰাৰ এই দাবীয়ে স্বাভাৱিকতে আশাৰ বতৰা কঢ়িয়াই আনিছে।
তেখেতে জনোৱা মতে ৰোগীৰ লক্ষণসমূহ অধ্যয়ন কৰি ঔষধ দিয়া হয়। আধুনিক চিকিৎসাবিজ্ঞানে কৰ্কট ৰোগীক কেম’ দি কৰ্কট ৰোগৰ ভাইৰাছ ধ্বংস কৰাৰ দৰে ফল এই ঔষধ সেৱনতে লাভ কৰিব। এমাহৰ ভিতৰতে ৰোগীয়ে উমান পাব আৰোগ্যৰ লক্ষণ। তিনিমাহ সেৱন কৰিলেই সম্পূৰ্ণ নিৰাময় হ’ব।কবিৰাজ গৰাকীয়ে জনোৱা মতে ইতিমধ্যে তেখেতৰ চিকিৎসাত ৬০ গৰাকীৰো অধিক ৰোগীয়ে কৰ্কটৰ পৰা নিৰাময় লাভ কৰিছে।
সেই সকলৰ সৈতে কবিৰাজগৰাকীয়ে এতিয়াও সু-সম্পৰ্ক বজাই ৰাখিছে।পূৰ্ব পুৰুষৰ দিনৰ পৰা কবিৰাজী ঔষধ দি অহাৰ ডেৰশ বছৰীয়া নিদান পুথিৰ আধাৰত কৰা হয় এই চিকিৎসা।শগুনী লতা,কাল মেঘ,চিৰতা,মিচিমি তিতা,লেটা গুটিৰ দৰে সাত বিধ তিতাৰ লগতে নাম প্ৰকাশ কৰিব নিবিচৰাই আন কেতবোৰ বনৌষধিৰ সংমিশ্ৰণত তৈয়াৰ কৰা হয় ঔষধ।
লোৰ খুন্দনাত খুন্দি তৈয়াৰ কৰা হয় চূৰ্ণ।এই ঔষধ প্ৰস্তুতৰ পৌৰাণিক পদ্ধতি অক্ষুণ্ণ ৰাখি নিজস্ব গৱেষনাও চলাই আছে কবিৰাজ তৰুণ বৰাই।এই চিকিৎসা ব্যৱস্থাত নতুন সংযোজনৰ বাবে ইতিমধ্যে দেশৰ বিভিন্ন ঠাইত উচ্চস্তৰীয় প্ৰশিক্ষণ লোৱাৰ লগতে অন্যান্য ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত লাভ কৰিছে প্ৰমাণপত্ৰ।
নৱম ৱৰ্ল্ড আয়ুৰ্বেদ কংগ্ৰেছ এণ্ড আৰোগ্য এক্সপ’ গোৱা, দি ইউনিভাৰ্ছিটি অৱ ট্ৰেন্স ডিচপেনছেৰী হেল্থ চায়েঞ্চ এণ্ড টেকনলজি , নেচনেল কনফাৰেন্স অব ট্ৰেডিচনেল কমিউনিটি হেল্থ প্ৰেক্তিচনেল অব লোক স্বাস্থ্য পৰম্পৰা, নৰ্থ ইয়েষ্টাৰ্ণ ইনষ্টিটিউট অফ ফক মেডিচিন পাছিঘাট অৰুণাচল, ইন্টাৰনেছনেল কংগ্ৰেছ অব ছছাইটি ফৰ এথনফাৰ্মাকলজী ইণ্ডিয়া,নৰ্থ ইষ্ট খৃষ্টান ইউনিভাৰ্ছিটি (এন ই চি ইউ)ৰ ট্ৰেডিচনেল কমিউনিটি হেল্থ কেয়াৰ প্ৰভাইডাৰ আদিৰ পৰা প্ৰশিক্ষণ,প্ৰমাণ পত্ৰ, আৰু স্বীকৃতিপত্ৰ লাভ কৰিছে।
কৰ্কট ৰোগৰ লগতে বৰাই কীডনী ষ্টোন,গলব্লাডাৰ ষ্টোন, ৰক্তচাপ, বহুমূত্ৰ, পাইলছ, জণ্ডিছ, ফিটাপেলু, মহিলাৰ বিভিন্ন অসুখ, মৃগী ৰোগকে ধৰি প্ৰায় ৫০ বিধ ৰোগৰ ঔষধ দিয়াৰ কথাও জানিবলৈ দিছে তৰুণ বৰাই।