ASSAM TIMES POST
বোকাখাতঃ বোকাখাত দ গাঁও নিবাসী ভাৱনা গগৈয়ে গত ১৭ নবেম্বৰৰ পৰা ২২ নবেম্বৰলৈ দিল্লীৰ তালকাতোৰা ষ্টেডিয়ামৰ ড° স্বামাপ্ৰসাদ মুখাৰ্জী সাঁতোৰ প্ৰকল্পত অনুষ্ঠিত ৬৫ তম ৰাষ্ট্ৰীয় স্কুল সাঁতোৰ প্ৰতিযোগিতা, ২০১৯-২০ত ১৪ বছৰ অনুৰ্ধ ফ্ৰীষ্টাইল, ৪×১০০ মিটাৰ ৰিলে শাখাৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ মেডেল লাভ কৰি বোকাখাত তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে৷বোকাখাত খ্ৰীষ্টজ্যোতি স্কুলৰ ৮ম শ্ৰেণীৰ ছাত্ৰী ভাৱনাই বোকাখাত সাঁতোৰ কেন্দ্ৰত নৱজ্যোতি বৰাৰ তত্বাৱধানত সাঁতোৰৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল৷