![]()
সমগ্ৰ বিশ্বৰ লগতে কাৰবি আংলং(Karbi Anglong) জিলাৰ সদৰ চহৰ ডিফুত আন্তৰ্জাতিক নাৰী দিৱস(International Women’s Day) উদযাপন কৰা হয় ৷ এই উপলক্ষে আজি ডিফু ৰংমিৰ্দানস্থিত সংহত শিশু উন্নয়ন প্ৰকল্পতো উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ কাৰবি আংলং জিলা মহিলা সমিতি (Diphu Mahila Samiti) আৰু ডিফু লেখিকা সমাৰোহ (Diphu Lekhika samaroh)সমিতিৰ যৌথ উদ্যোগৰ লগত সংহত শিশু উন্নয়ন কেন্দ্ৰ ডিফুৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱসটি উদযাপন কৰা হয় ৷

কাৰবি আংলং জিলা মহিলা সমিতিৰ সম্পাদিকা সুৱৰ্ণ বৰুৱা চেতিয়াই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনৰ উদ্দেশ্য আৰু তাৎপৰ্য বাখ্যা কৰে কাৰবি আংলং জিলা মহিলা সমিতিৰ সম্পাদিকা খিৰলা টেৰণপীয়ে ৷ ইয়াৰ পিছতে ক্ৰমে, বাল্য বিবাহ সম্পৰ্কীয়, আইন সম্পৰ্কীয়, ভাষণ প্ৰদান কৰে ক্ৰমে ডিফু লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সীতা বৰুৱা আৰু অধিবক্তা ললিতা ৰেংমাই ৷, সমজুৱাৰ একাষাৰত সাৰুৱা আৰু মূল্যৱান বক্তব্য ৰাখে ক্ৰমে, পূৰ্ণিমা গগৈ বৰুৱা আৰু সাৱিত্ৰী সুৰৰ লগতে কেইগৰাকী গণ্যমান্য মহিলাই ৷ শলাগৰ শৰাই আগবঢ়ায় ডিফু লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা কান্তা বৰুৱাই













