ছ’নি টিভিৰ(Sony tv) জনপ্ৰিয় ৰিয়েলিটি শ্ব’ মাষ্টাৰ চেফ ইণ্ডিয়া (MasterChef India) চিজন ৭ ত জিলিকিছে তিনিচুকীয়াৰ সুযোগ্য সন্তান।তিনিচুকীয়া গোবিন্দপুৰৰ অৰূপ শইকীয়া আৰু তুলিকা শইকীয়াৰ পুত্ৰ নয়নজ্যোতিয়ে(nayan jyoti) ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিয়েই নিজৰ পৰিয়ালৰ পৰা আশীৰ্বাদ ল’বলৈ ঘৰলৈ আহিছে তেওঁ।

মাষ্টাৰ চেফ ইণ্ডিয়াত তিনিওগৰাকী বিচাৰক ক্ৰমে বিকাশ খান্না, ৰণৱীৰ সিং ব্ৰাৰ লগতে গৰিমা আৰোৰাৰ বহুল প্ৰশংসাৰ জৰিয়তে নয়নজ্যোতিয়ে ইতিমধ্যে নিজৰ প্ৰতিভাৰে শ্ব’টোত দৃঢ়তাৰে আগুৱাবলৈ সক্ষম হৈছে।
উল্লেখ্য যে গুৱাহাটীত বি টেক পঢ়িবলৈ আহি নিজে ৰন্ধা-বঢ়া কৰি ভাড়াৰুমত থকা নয়নজ্যোতিয়ে সেই সময়ৰ পৰাই ন ন ৰূপত খাদ্য প্রস্তুত কৰি খোৱাৰ এক ৰাপ গঢ়ি তুলিছিল। এইদৰেই পিছলৈ এই ৰাপ পৰিণত হৈছিল নিচালৈ ।
ক্ৰমাৎ তেওঁ প্ৰস্তুত কৰি উলিয়াইছিল সুস্বাদু ব্যঞ্জন। পৰৱৰ্তী সময়ত, তেওঁ এটি সুন্দৰ সপোন লৈ অডিচ’ন দিছিল ছনী টিভি চেনেলত সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় কুকিং ৰিয়েলিটি শ্ব’ ‘মাষ্টৰ চেফ ইণ্ডিয়া’ত আৰু এই অডি’চনত নিৰ্বাচিত হৈ এই ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণৰ সুযোগ লাভ কৰে । কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ কেৱল নিজৰ আগ্ৰহৰ ভিত্তিত এনে সফলতা দেখি মোহিত হৈ পৰে ভাৰত তথা বিশ্বৰ জনপ্ৰিয় চেফ বিকাশ খান্না ৷
উল্লেখ্য যে, ৰিয়েলিটি শ্ব’টোত নিজে জিলিকি উঠাৰ সমান্তৰালভাৱে নয়নজ্যোতিয়ে আলু পিটিকা, কলডিল আৰু কুকুৰা মাংসৰ জোল আদি অসমীয়া থলুৱা খাদ্য তৈয়াৰ কৰি অসমীয়া খাদ্যক বিশ্ব দৰবাৰত জিলিকাই তুলিছে । মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অন্ত পৰিবলগীয়া এই ৰিয়েলিটি শ্ব’টোত সফলতাৰে আগবঢ়া নয়নজ্যোতিক সমগ্ৰ অসমবাসীয়ে শুভকামনা জ্ঞাপন কৰিছে।