ASSAM TIMES POST
ডিফুঃ জিলাখনৰ জাতীয় সংগঠন কাৰ্বি লামেত আমেই আৰু কাৰ্বি কালছাৰেল চ’ছাইটীৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে আজিৰে আৰম্ভ হৈছে কাৰ্বি জনগোষ্ঠীটোৰ উমৈহতীয়া ভাষা আৰু কলা -সংস্কৃতিৰ এক মহাসভা ৷ এই জনগোষ্ঠীয় মহাসভাত অসমৰ বিভিন্ন জিলাৰ সহস্ৰাধিক জাতি প্ৰেমী লোকৰ উপস্থিতিত জিলাখনৰ ডিফুস্থিত জয়ছিং দলৈ অডিটৰিয়াম হ’লত এক প্ৰকাৰে লোকে লোকাৰণ্য হৈ পৰে৷
আজিৰ প্ৰথম দিনা আনুষ্ঠানিক ভাৱে এই মহাসভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ লগতে সন্মানীয় অতিথি ৰূপে প্ৰাক্তন সাংসদ বীৰেণছিং ইংতি, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেং প্ৰমূখ্যে বহু গণ মান্য ব্যক্তিয়ে অংশ গ্ৰহন কৰে৷
পৰ্বত-ভৈয়ামৰ মিলনস্থলী ৰূপে পৰিগণিত জয়ছিং দলৈ অডিটৰীয়ামত জনগোষ্ঠীটোৱে নিজৰ মৌলিক অধিকাৰ, ভাষা, কলা-সংস্কৃতি, ধৰ্মীয় আৰু পৰম্পৰা ৰীতি-নীতিৰ ওপৰত আলোচনা কৰে ৷ ইপিনে, কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সহস্য ৰংহাঙে প্ৰদান কৰা ভাষণত স্বায়ত্ব শাসনৰ প্ৰসংগ টানি আনি দল-সংগঠন নিৰ্বিশেষে উমৈহতীয়া ভাৱে স্বায়ত্ব শাসনৰ সংগ্ৰামত একত্ৰিত হ’বৰ আহবান জনায়৷












