প্ৰায় দুমাহৰ পাছত ষ্টেট বেংকে ফিক্সড ডিপজিটৰ (State Bank Fixed Deposit) সুত বৃদ্ধিৰ (Interest increase) নতুন কাৰ্যসূচী ঘোষণা কৰে। বুধবাৰে দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংকটোৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি, নতুন আঁচনিৰ অধীনত ফিক্সড ডিপজিটৰ সুতৰ হাৰ ২৫ বেছিছ পইণ্ট (বিপিএছ) পৰ্যন্ত বা ২.৫ শতাংশ বৃদ্ধি পাব।

নতুন ব্যৱস্থাৰ অধীনত ৪০০ দিনৰ কাৰ্যকাল থকা ফিক্সড ডিপজিটৰ সুতৰ হাৰ হʼব ৭.১ শতাংশ। ষ্টেট বেংক কৰ্তৃপক্ষই জনোৱা মতে, সুতৰ হাৰ বৃদ্ধিৰ নতুন কাৰ্যসূচী বুধবাৰৰ পৰা (১৫ ফেব্ৰুৱাৰী) কাৰ্যকৰী হʼব।৩১ মাৰ্চলৈকে চলিব এই কাৰ্যসূচী। এই নতুন উচ্চ সুতৰ হাৰ ২ কোটি টকা পৰ্যন্ত স্থায়ী জমা ধনৰ ক্ষেত্ৰত প্ৰযোজ্য হʼব।
ইয়াৰ পূৰ্বে ১৩ ডিচেম্বৰত ষ্টেট বেংকে নিৰ্বাচিত ফিক্সড ডিপজিটৰ সুতৰ হাৰ বৃদ্ধি কৰিছিল। বজাৰ বিশেষজ্ঞৰ এটা অংশই অনুভৱ কৰে যে শেহতীয়াকৈ “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ” উদ্যোগপতি গৌতম আদানীৰ কোম্পানীটোক লৈ হোৱা বিতৰ্কৰ প্ৰেক্ষাপটত ষ্টেট বেংকৰ এই নতুন কাৰ্যসূচী “তাৎপৰ্যপূৰ্ণ”। উল্লেখ্য, এই বিতৰ্কৰ মাজতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত মাহৰ আৰম্ভণিতে কৈছিল যে আদানী ঔদ্যোগিক গ্ৰুপটো সংকটত পৰিলেও ইয়াৰ অন্যতম মূল বিত্তীয় সমৰ্থক ষ্টেট বেংক বিপদত পৰাৰ সম্ভাৱনা নাই।