![]()
সদৌ অসম এন পি এছ কৰ্মচাৰী (NPS Employee) আৰু ACTA-ৰ আহ্বান মৰ্মে আজি বোকাখাত (Bokakhat) জে. ডি.এছ.জি. মহাবিদ্যালয়ৰ (J. D.S.G. College) শিক্ষক-কৰ্মচাৰীয়ে দিনজোৰা কাৰ্যসূচীৰে কৰ্ম বিৰতি সম্পন্ন কৰে।

নতুন পেঞ্চন নীতিৰ পৰিবৰ্তে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত কৰ্ম বিৰতিৰ কাৰ্য্যসূচী সম্পন্ন কৰা হয়। কৰ্ম বিৰতিৰ সময়ছোৱাত NPS-এ দিয়া সকলোবোৰ নীতি-নিৰ্দেশনা মানি কৰ্ম বিৰতি পালন কৰে বুলি জানিবলৈ দিছে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা তথা জে. ডি.এছ. জি. মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি শান্তিছায়া বৰুৱাই।













