ঐতিহ্যমণ্ডিত কমাৰগাঁও মহাবিদ্যালয় (Kamargaon College) সোণালী জয়ন্তী উৎসৱ উদযাপনৰ সামৰণি অনুষ্ঠান অহা ২৭, ২৮ আৰু ২৯ এপ্রিলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ পোষকতা কৰা হৈছে। ইতিমধ্যে বৰ্ষজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ উদযাপনৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিব অহা হৈছে।
বর্ণিল কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ’বলগীয়া সোণালী জয়ন্তী (Golden Jubilee) উৎসৱ উদযাপনৰ সামৰণি অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে কমাৰগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজৰ সকলো প্ৰকাৰৰ সহযোগ উদ্যাপন সমিতিৰ তৰফৰ পৰা আত্মিক আন্তৰিকতাৰে কামনা কৰা হ’ল।
কমাৰগাঁও মহাবিদ্যালয়ৰ অনাগত সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান সুচাৰুৰূপে উদযাপন কৰিবৰ বাবে সকলোৰে সু-দিহা-পৰামৰ্শৰ লগতে আর্থিক সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে। প্ৰাক্তন ছাত্ৰ মঞ্চৰ সম্পাদক প্ৰসন্ন দত্ত আৰু উদযাপন সমিতিৰ সম্পাদক ড° বিজুলী বৰচেতিয়াই এক বিবৃতি যোগে ইচ্ছুক লোকক কমাৰগাঁও পাঞ্জাব নেছনেল বেংক ০৭৯৪২০০১০০০০০৬৩৪(IFSC-PUNB0079420)নম্বৰত আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে।